সাফল্যৰ ধাৰা অব্যাহত নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ, বিজ্ঞানত শীৰ্ষ স্থান দখলেৰে উজ্বলিল ৭ গৰাকীকৈ মেধাৱী

ramanujan

নিউজ ডেস্ক :

এইবাৰো সাফল্যৰ ধাৰা অব্যাহত হৈ ৰ'ল নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ।আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত শীৰ্ষ প্ৰথম স্থানত জুনিয়ৰ কলেজ খনৰ পৰা উজ্বলিল বিতোপন আৰন্ধৰা। ছাত্ৰ গৰাকীয়ে লাভ কৰিছে মুঠ ৪৭৮ নম্বৰ।উল্লেখ যে এইবাৰ শীৰ্ষ স্থান দখলে জুনিয়ৰ কলেজখনে পঞ্চম বাৰলৈ শীৰ্ষ স্থান দখলৰ কৃতিত্বৰ অর্জন কৰিলে।

ইয়াৰ উপৰিও জুনিয়ৰ কলেজ খনৰ পৰা বিজ্ঞান শাখাত ৪৭৬ নম্বৰে ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিছে হৃদী প্রিয়ম শৰ্মাই।লগতে

৪৭৩ নম্বৰে পঞ্চম স্থান দখল কৰিছে অয়ন কৌশিক মহন্ত আৰু বিশাল বৰুৱাই।

৪৭০ নম্বৰে ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিছে সুভাশীষ ডে'।

৪৬৯ নৱম স্থান দখল কৰিছে অভিজ্ঞান ডি বাঢ়ৈ।

৪৬৮ নম্বৰে দশম স্থান দখল কৰিছে কৌস্তুৱ কিশোৰ কলিতাই।

Your Comments