ডিব্ৰুগড় বিশ্ববিদ্যালয়ত "মটক ছাত্ৰ অধ্যয়ন চক্ৰ" গঠন

du

ডিব্ৰুগড়ৰ পৰা জ্যোতিষ কুমাৰ পাতিৰৰ প্রতিবেদন :

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত  অধ্যয়নৰত মটক জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক লৈ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ পৃষ্ঠপোষকতাত আজি "মটক ছাত্ৰ অধ্যয়ন চক্ৰৰ"  এখন ৩৫ জনীয়া পূণাংগ সমিতি গঠন কৰা হয়। উক্ত সমিতি গঠনৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা সভাখনিত সভাপতিত্ব কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উপদেষ্টা যতীন দিহিঙীয়া দেৱে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ সৌমাৰ জ্যোতি গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত উপস্থিত থাকে সদৌ অসম মটক  সন্মিলনৰ সভাপতি চন্দ্ৰ সেনাপতি ,ডি.ডি আৰ মহাবিদ্যালয় সহকাৰী অধ্যাপক ৰনেন্দ্ৰ খাউন্দ,পুৰন্দৰ গোহাঁই,সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া,সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি গোহাঁ‌ই ,দিব্যজ্যোতি বৰুৱা,অমলেন্দু ফুকন,ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মুকুন্দ মাধৱ বুঢাগোহাঁ‌ই, সাংগঠনিক সম্পাদক অজয় গগৈ,সহকাৰী সাধাৰণ সম্পাদক সৌৰভ খাউণ্ড,শিক্ষা সম্পাদক ৰিদীপ গগৈ,সমাজসেৱক মন্টু ৰাজখোৱা, প্ৰ্চাৰ সম্পাদক শৰৎ হাজৰিকা,চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি মৃদুপৱন চেতিয়া,সম্পাদক কৃষ্ণ গোহাঁই, ডিকম আঞ্চলিক সমিতি উপসভাপতি অভিলেষ সন্দিকৈয়েকে ধৰি সংগঠনটোৰ বহুকেইজন ছাত্ৰ নেতা।

আজিৰ সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি চন্দ্ৰ সেনাপতি দেৱে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ইতিবৃ্‌ত্ত দাঙি ধৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মটক জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষিত থকা আসনৰ ক্থা অৱগত কৰে। যুৱনেতা সেনাপতিয়ে লগতে চৰকাৰক এই আসন বৃদ্ধি কৰিব বাবে দীৰ্ঘ দিনৰ পৰা দাবী জনাই অহাৰ  কথা উল্লেখ কৰাৰ লগতে বিশ্ববিদ্যালয় খনত থকা গুৰুজনা অনিৰূদ্ধদেৱৰ আসনৰ বাবে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক  সন্মিলনৰ অৱদানৰ কথা উনুকিয়াই।

ইয়াৰোপৰি সভাখনত বিভিন্ন অতিথি বক্তাই ভাষণ প্ৰদান কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "মটক  ছাত্ৰ অধ্যয়ন চক্ৰ"টোৰ উপদেষ্টা হিচাপে সৌমাৰ জ্যোতি গগৈক দায়িত্ব অৰ্পণ কৰাৰ উপৰি সভাপতি হিচাপে বিমান বৰা,উপসভাপতি হিচাপে লব্ধপ্ৰতীম দাস,মৌচুমী শইকীয়া,যুটীয়া সম্পাদক হিচাপে বিষ্ণুজ্যোতি দত্ত,ভাস্কৰ জোনাক দত্ত, সহকাৰী সাধাৰণ সম্পাদক হিচাপে অংশুময় সেনাপতি,প্ৰকৃতি চেতিয়া,সাংগঠনিক সম্পাদক হিচাপে অনুপম চেতিয়া,কল্পজোতি দত্ত,প্ৰচাৰ সম্পাদক হিচাপে ৰোহন বৰা, ভাস্কৰ শইকীয়া,শিক্ষা সম্পাদক হিচাপে সুস্মিতা গগৈ,ক্ৰীয়া সম্পাদক হিচাপে অমৰ জ্যোতি হাজৰিকা,কোষাধ্যক্ষ হিচাপে কমল গগৈ,সমাজসেৱা সম্পাদক হিচাপে স্মৃতা ফুকন,সাংস্কৃতিক সম্পাদক হিচাপে ভেংকটেশ গোহাঁই, আৰু সদস্যা পৰিস্মীতা দত্ত,দিপশিখা গোহাঁইৰ লগতে সদস্য হিচাপে কুলদ্বীপ গোহাঁইক লৈ এখনি শক্তিশালী সমিতি খন গঠন কৰা হয় ।

উক্ত সভাখনিতে  নৱ গঠিত সমিতি খনে অহা ২৪ মে তাৰিখে ২১৭ সংখ্যক  মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে ।

Your Comments