আজমল আৰু তেওঁৰ দল অবৈধ অনুপ্ৰৱেশকাৰীৰ পক্ষত:বিজেপি

az

এআইইউডিএফ সংযুক্ত হৈ থকা মোডীবিৰোধী জোঁটবন্ধনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ বাহিৰলৈ প্ৰেৰণ কৰিব বুলি এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে মন্তব্য কৰিছিল।এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলীয়ে আজমলক প্ৰত্যুত্তৰ দিছে।

 

কোহলীয়ে কয় যে বদৰুদ্দিন আজমলে আৰু তেওঁৰ দল অবৈধ অনুপ্ৰৱেশকাৰীৰ পক্ষত।নৰেন্দ্ৰ মোডী চৰকাৰে এইটো স্পষ্ট কৰিছে যে দেশলৈ অবৈধভাৱে অহাসকলক বহিস্কাৰ কৰা হ'ব।

 

আজমলে পুনৰ মোডী চৰকাৰ আহি থকা দেখি আতংকিত হৈছে।আজমলে বিচাৰে যে ভাৰতলৈ অনুপ্ৰৱেশ হৈ থাকক আৰু কেন্দ্ৰত মজবুত চৰকাৰৰ পৰিৱৰ্তে এখন 'মজবুৰ' চৰকাৰ হওঁক।

Your Comments