উত্তৰ-পূবত মুকলি ইলেকট্ৰিক স্কুটাৰ টেক'ইলেকট্ৰা

scooti

নিউজ ডেস্ক :

উত্তৰ-পূবত  মুকলি হ'ল ইলেকট্ৰিক স্কুটাৰ টেক'ইলেকট্ৰা।ৰঙালী বিহু আৰু দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীৰ 'নেক্স ডিজিটেল হোম'-এ মুকলি কৰে টেক'ইলেকট্ৰাৰ শ্ব 'ৰুম । উত্তৰ-পূবৰ গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শব্দ প্ৰদূষণ ৰোধৰ বাবে নেক্স ডিজিটেল হোমে এই পদক্ষেপ গ্ৰহণ কৰিছে। 
     

নেক্স ডিজিটেল  হোমৰ সত্বাধিকাৰী নৰেন্দ্ৰ ছ'নীয়ে কয় যে এই ইলেকট্ৰিকেল  দুচকীয়া বাহনখনে কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি নকৰাৰ লগতে ইয়াত তেলৰ প্ৰয়োজনো নাথাকিব। এই টেক'ইলেকট্ৰা নামৰ বাহনখন তিনিটা মডেলত উপলব্ধ। তাৰে নিঅ'ইলেকট্ৰা বাহনৰ মূল্য ৪৫,৯০০ টকা, ৰেপটাৰ মূল্য ৫৭,৯০০ টকা, ৰেপটাৰ (60v)ৰ মূল্য ৬১,৯০০ টকা। এমাৰ্জৰ মূল্য ৭৯৯০০  টকা।
    

তেওঁ লগতে কয় যে এই বেটাৰীচালিত দুচকীয়া বাহনখন চাৰি ঘণ্টা চার্জত দিয়াৰ পিছত ৭০ কিলোমিটাৰ চলাব পাৰিব।  অন্য বাহনত যিদৰে পঞ্জীয়ন মাচুল , অনুজ্ঞাপত্ৰ, বীমাৰ প্ৰয়োজন,কিন্তু এই বেটাৰীচালিত বাহনত সেয়া প্ৰয়োজন নহ'ব ।  ইয়াত এলইডি হেড লাইট, টিউবলেছ টায়াৰ , ফ্ৰণ্ট ডিছ ব্ৰেক, ডিজিটেল মিটাৰ, ম'বাইল চার্জিং , ইউএছবি পোৰ্ট, এলাৰ্ম  চিষ্টেম উপলব্ধ থাকিব। 
    

টেক'ইলেকট্ৰা শ্ব' ৰূমটো মুকলি কৰে অভিনেত্ৰী বৈশালী শইকীয়াই।

Your Comments