ইউ পি পি এলৰ উত্থানত শংকিত হৈছে হাগ্ৰামা আৰু নৱ শৰণীয়া : ইউ জি ব্ৰহ্ম 

ug

অভিজিৎ তালুকদাৰ, তামুলপুৰ ৯ এপ্ৰিল 
 
অতি সম্প্ৰতি ইউ পি পি এল দলক বি টি এ ডিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে আঁকোৱালি লৈছে । সেয়েহে আন ৰাজনৈতিক দলৰ বাবে মূৰৰ কামোৰনি হৈ পৰিছে ইউ পি পি এল । ইউ পি পি এলৰ উত্থানত শংকিত হৈ পৰিছে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া - এই মন্তব্য কোকৰাঝাৰ লোক সভা সমষ্টিৰ ইউ পি পিএল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ ।

তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কালাকুছিত আজি অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ইউ জি ব্ৰহ্মই এই মন্তব্য কৰে । ভাষণত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে নৱ কুমাৰ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে নৱ কুমাৰ শৰণীয়াই বিগত নিৰ্বাচনত ৰাইজক দিয়া এটা প্ৰতিশ্ৰুতিও ৰক্ষা কৰিব নোৱাৰিলে । নৱ কুমাৰ শৰণীয়াই বিটিচি বাতিল কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিক অসংবিধানীক বুলি আখ্যা দি ইউ জি ব্ৰহ্মই কয়, ভাৰতীয় সংবিধানৰ আধাৰত গঠিত এটা ব্যৱস্থা হৈছে বিটিচি । এই সাংবিধানিক ব্যৱস্থা কোনোবা এজন ব্যক্তিয়ে ভঙ্গ কৰিম বুলি কৰিব নোৱাৰে ।

নৱ কুমাৰ শৰণীয়াই বিগত নিৰ্বাচনত ৰাইজক দিয়া আন এটা প্ৰতিশ্ৰুতিৰ কথা উনুকিয়াই দি বিটিচিৰ পৰা গাঁও কৰ্তন কৰিবলৈ নৱ কুমাৰ শৰণীয়াৰ হাতত কেইজন বিধায়ক আছে বুলিও কটাক্ষ কৰে ইউ জি ব্ৰহ্মই । ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকীয়ে নৱ কুমাৰ শৰণীয়াই বিটিচিৰ পৰা গাঁও কৰ্তন কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিক ভুৱা প্ৰতিশ্ৰুতি আখ্যা দিয়ে । নিজৰ ভাষণত ইউ জি ব্ৰহ্মই যেতিয়ালৈকে বন্দুকৰ সংস্কৃতি শেষ নহয় কিম্বা যেতিয়ালৈকে বন্দুকৰ আন্দোলন শেষ নহয় তেতিয়ালৈকে বিটিএডিলৈ শান্তি ঘূৰি নাহে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । সুকীয়া  ৰাজ্য গঠনৰ প্ৰসংগ উল্লেখ কৰি ইউ জি ব্ৰহ্মই কয় যে পৃথক ৰাজ্য দিয়া নিদিয়া ভাৰত চৰকাৰৰ কথা । ug3

যদি ভাৰত চৰকাৰে পৃথক ৰাজ্য গঠন কৰিম বুলি ভাবে তেতিয়া কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে । আৰু যদি ভাৰত চৰকাৰে পৃথক ৰাজ্য গঠনৰ কথা নাভাবে , তেতিয়া যিমানেই আন্দোলন কৰিলেও পৃথক ৰাজ্য গঠন নহয় । আগন্তুক নিৰ্বাচনত ইউ পি পি এলৰ বিজয় নিশ্চিত বুলি দাবী কৰি ইউ জি ব্ৰহ্মই কয় যে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বিটিএডিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক লগত লৈ কাম কৰি যাব । প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজত ভাতৃত্ববোধ বজাই ৰখাৰ বাবে কাম কৰি যাব । বিটিএডি অঞ্চলৰ সৰ্বাংগীন বিকাশৰ লগতে স্থায়ী শান্তি স্থাপনৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলাই যাব । ug4

সভাত ভাষণ ৰাখি ইউ পি পি এল দলৰ উপ সভাপতি হজৰত আলিয়ে হাগ্ৰামা মহিলাৰী আৰু নৱ কুমাৰ শৰণীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰে । তেওঁ ইউ জি ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত ৰাইজক আহ্বান জনায় । ইউ জি ব্ৰহ্মৰ জয় নিশ্চিত বুলি দাবী কৰি হজৰত আলিয়ে অহা ২৩ এপ্ৰিলত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে ইউ জি ব্ৰহ্মক ট্ৰেকটৰৰ ছবিত ভোট দিবলৈও ৰাইজক আহ্বান জনায় ।

Your Comments