লোকসভা নিৰ্বাচনৰ বাবে গোলাঘাটত সুৰা নিষিদ্ধ 

গোলাঘাটৰ পৰা মিনাক্ষী ফুকন

 আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে ভোটগ্ৰহণ আৰু ভোটগণনাৰ বাবে সমগ্ৰ গোলাঘাট জিলাত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। সেই অনুসৰি আজি সন্ধিয়া৫ বজাৰ পৰা  ১১ এপ্ৰিলৰ সন্ধ্যা ৫ বজালৈ ড্ৰাই ডে' হিচাপে  সকলো দেশী -বিদেশী সুৰাৰ মহল,পণ্যাগাৰ,খুচুৰা বিপণী,বাৰ বন্ধ থাকিব। লগতে ২৩ মে'ৰ দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত ড্ৰাই ডে ' হিচাপে দেশী -বিদেশী সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। উক্ত সময়ছোৱাত অনুজ্ঞাপত্ৰবিহীন এলেকাত সুৰাৰ মজুত আৰু বিক্ৰী কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা দণ্ডাধীশৰ নিৰ্দেশনাত সকীয়াই দিয়া হৈছে।

Your Comments