প্ৰাক্তন মন্ত্ৰী বলোৰাম নাগৰ মৃত্যু : দল-সংগঠনৰ শোক প্ৰকাশ

প্ৰাক্তন মন্ত্ৰী বলোৰাম নাগৰ মৃত্যু

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

প্ৰাক্তন উদ্যোগ আৰু শ্ৰম বিভাগৰ মন্ত্ৰী বলোৰাম নাগৰ মঙলবাৰে পুৱা দেহাৱসান ঘটে ৷ প্ৰাক্তন  মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ এগৰাকী সফল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বলোৰাম নাগে মঙলবাৰে পুৱা ১০-৩০ বজাত নতুন দিল্লীৰ এখন   চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মঙলবাৰে মৃত্যুবৰণ কৰা বলোৰাম নাগে নগাঁও জিলাৰ আমলখি চাহ বাগিচাত ১৯৪৫ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰিছিল ৷ 

প্ৰাক্তন মন্ত্ৰী বলোৰাম নাগৰ মৃত্যু

নগাঁৱৰ বিভিন্ন স্থানত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা বলোৰাম নাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বুলি লিখিত থকা শ্বিলঙৰ চেন্ট এন্থনী কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল ৷ চাহ জনগোষ্ঠীৰ ছাত্ৰ হিচাপে আটচাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত কাৰ্য্যনিৰ্বাহ কৰিছিল ১৯৬৫-৬৮ চনলৈকে৷

১৯৭১ চনৰ পৰা ১৯৮৭ চনলৈকে  অসম চাহ মজদুৰ সংঘৰ সম্পাদকৰো দায়িত্বত আছিল বলোৰাম নাগ । ১৯৯২-১৯৯৪ চনলৈ নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল নাগে ৷ ১৯৯১-১৯৯৬ চনলৈকে মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ উদ্যোগ, শ্ৰম, খাদী আদি দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ পূৰ্বে কলিয়াবৰ সমষ্টিৰ পৰা বিধায়ক হোৱাৰ লগতে ১৯৮৩-৮৭ত অসম লোকসেৱা আয়োগৰ সম্পাদকৰ দায়িত্বত আছিল বলোৰাম নাগ ।

কলিয়াবৰৰ  বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত বলোৰাম নাগে আমনি তিনিআলিৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল ৷ মৃত্যুৰ সময়ত প্ৰাক্তন মন্ত্ৰীজনে ইহসংসাৰত দুগৰাকী পত্নী, চাৰিগৰাকী কন্যা, এটি পুত্ৰৰ লগতে বহুতো ইষ্ট-কুটুম্বক এৰি থৈ যায় ৷

মন্ত্ৰীগৰাকীৰ মৃত্যুত সমগ্র কলিয়াবৰতে শোকৰ ছাঁ পৰে ।  নগাঁও জিলা কংগ্ৰেছ, কলিয়াবৰ ব্লক কংগ্ৰেছকে ধৰি  আটছাৰ নগাঁও জিলাৰ সম্পাদক মহেন্দ্ৰ নায়ককে ধৰি চাহ জনজাতিৰ বিভিন্ন সংগঠনে শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰে ৷

Your Comments