বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত সজাগতা সভা

ss

বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত শনিবাৰে বঙাইগাঁও আৰক্ষী চাউনিত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ 'ড্ৰাগছৰ অপব্যৱহাৰ, চাইবাৰ ক্ৰাইম আৰু ছ’চিয়েল মিডিয়াৰ সমাজত কুপ্ৰভাৱ' শীৰ্ষক বিষয়ৰ সন্দৰ্ভত অনুষ্ঠিত এই সজাগতা সভাখনৰ আঁত ধৰে জিলাৰ উপ-আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকাই ৷ সজাগতা সভাত জিলা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে উপস্থিত থাকি ড্ৰাগছ  আৰু চাইবাৰ ক্ৰাইমৰ পৰা সমাজখনক মুক্ত কৰাৰ বাবে জিলাবাসীৰ সহযোগ কামনা কৰে ৷

আনহাতে একাংশ দুষ্ট চক্ৰই ছ’চিয়েল মিডিয়াৰ জৰিয়তে উৰা বাতৰি বিয়পাই সমাজত শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ অহৰহ চেষ্টা চলাই থকাৰ ফলত এইবোৰ কথাত ভোল নাযাবলৈ সকলোকে আহ্বান জনায় ৷ সজাগতা সভাত অধিবক্তা হৰেশ্বৰ দাস, সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী, অশ্বিনী কেয়াৰ হোমৰ কাউন্সিলাৰ সৃষ্টি ব্ৰহ্ম, বেচৰকাৰী সংস্থা এন ই এফৰ কাৰ্যকৰী সভানেত্ৰী সুজাতা পাচায়াত প্ৰমুখ্য কৰি কেবাগৰাকী বক্তাই ভাষণ দাঙি ধৰি সকলোকে সামাজিক দায়ৱদ্ধতা পালনৰ বাবে আহ্বান জনায় ৷

Your Comments