বঙাইগাঁৱত জিলা ভিত্তিক শিশু বিজ্ঞান সমাৰোহ

ss

বঙাইগাঁও জিলা ভিত্তিক শিশু বিজ্ঞান সমাৰোহখনি শনিবাৰে চহৰখনৰ বঙাইগাঁও ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা শিশু বিজ্ঞান সমাৰোহ সমিতিৰ উদ্যোগত অনুষ্ঠিত শিশু বিজ্ঞান সমাৰোহ উপলক্ষে পুৱাৰ ভাগত এখন উদ্বোধনী সভা অনুষ্ঠিত হয় । বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰা সভাখনত পৌৰোহিত্য কৰে বিদ্যালয়খনৰ অধ্যক্ষা গীতা দেৱীয়ে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দল এটিয়ে আৰম্ভণী গীত এটি পৰিৱেশন কৰাৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমন্বয়ক দিলীপ শৰ্মাই । বিদ্যালয়খনৰ অধ্যক্ষা গীতা দেৱীয়ে জিলা শিশু বিজ্ঞান সমাৰোহখন উদ্বোধন কৰে । 

সভাত বঙাইগাঁও প'লিটেকনিকৰ অধ্যক্ষ ডঃ চক্ৰধৰ দাসে শিশু বিজ্ঞানীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । বিচাৰক ত্ৰিকেন্দ্ৰ নাথ শৰ্মায়ো সভাত বক্তব্য আগবঢ়ায় । উদ্বোধনী সভাখন বিদ্যালয়খনৰ শিক্ষক অমিত গুহই আঁত ধৰে। ইয়াৰ পিছত জিলাখনৰ মুঠ ৪০টা দলৰ শিশু বিজ্ঞানীৰ প্ৰকল্পৰ মাজত প্ৰতিযোগিতা আৰম্ভ কৰা হয়। প্ৰতিযোগিতাত শিশু বিজ্ঞানীসকলে ৪০টা প্ৰকল্প সুন্দৰভাৱে প্ৰদৰ্শন তথা উপস্থাপন কৰে ।

ইয়াৰ ভিতৰত দুজনীয়াকৈ গঠিত পাঁচটা শিশু বিজ্ঞানীৰ দল ক্ৰমে নিকিতা ৰায় আৰু ভূমিকা দাস, নৱজ্যোতি সাহা আৰু সৌমিক সৰকাৰ, হীৰামণি মহন্ত আৰু ডিম্পী সূত্ৰধৰ, ৰীমা বৰ্মণ আৰু কৌসাদ আলী তথা মেৰিনা খাতুন আৰু আৰিফুল ইছলামৰ দলৰ পাচঁটা প্ৰকল্প ৰাজ্যিক শিশু সমাৰোহলৈ নিৰ্বাচন কৰা হয়৷ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে থাকে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ক্ৰমে ত্ৰিকেন্দ্ৰ নাথ শৰ্মা আৰু শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ অধ্যাপক অৰূপজ্যোতি মজুমদাৰ আৰু বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক লতিফ হুছেইন ৷

Your Comments