সোণাৰি মহাবিদ‍্যালয়ত পৰাক্ৰম দিৱস : ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন

সোণাৰিৰ মহাবিদ‍্যালয়ত পৰাক্ৰম দিৱস : ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন

সোণাৰিৰ পৰা ঘন বৰা

ভাৰতীয় সেনাই নিজৰ সীমা অতিক্ৰম কৰি চিৰবৈৰী পাকিস্তানৰ সীমাত প্ৰৱেশ কৰি দুবছৰ পূৰ্বে ছাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল । এই ছাৰ্জিকেল ষ্ট্ৰাইকত ধ্বংস কৰিছিল পাক ৰেঞ্জৰ বাংকাৰ আৰু শিবিৰ ।

সোণাৰিৰ মহাবিদ‍্যালয়ত পৰাক্ৰম দিৱস : ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন

সমগ্ৰ দেশত আজিৰ এই দিনটোত পৰাক্ৰম দিৱস হিচাপে পালন কৰিছে । ইয়াৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাই সোণাৰি মহাবিদ‍্যালয়ত এক অস্ত্ৰ প্ৰদৰ্শনীৰ লগতে সেনাত অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়াৰ সজাগতা সৃষ্টি কৰে ।

সোণাৰিৰ মহাবিদ‍্যালয়ত পৰাক্ৰম দিৱস : ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন

ইফালে সোণাৰি মহাবিদ‍্যালয়ৰ ছাত্র একতা সভা আৰু শিক্ষক-কৰ্মচাৰীৰ উদ্যোগত উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি "য'ত পৰিষ্কাৰ তা' সংস্কাৰ" শীৰ্ষক মহাবিদ‍্যালয়ৰ চৌপাশ চাফাইৰ এক কাৰ্যসূচী ৰূপায়ণ কৰে ।
 

Your Comments