ডিগবৈৰ ভলীবললৈ ৰেফাৰী তালিকা ঘোষণা

ডিগবৈৰ ভলীবললৈ ৰেফাৰী তালিকা ঘোষণা

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

ডিগবৈৰ জুবলী খেলপথাৰত অহা ৪ অক্টৌবৰৰ পৰা তিনিদিনীয়াকৈ আন্তঃজিলা ছাব জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ-২০১৮ অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ বাবে ১২জনীয়া ৰেফাৰীৰ তালিকা ঘোষণা কৰা হৈছে ।

ঘোষণা কৰা তালিকা অনুসৰি মংগল সিং তিমুং, অমল বৰুৱা, পুতুল বৰুৱা, ডঃ চৈতন্য শইকীয়া, তিৰংগা সন্দিকৈ, মুকুল শইকীয়া, আচফুল আহমেদ, সুজিত দাস, নগেন বৈশ্য, সিদ্ধেশ্বৰ বৰা, উৎপল বৰুৱা আৰু ধনসিং ৰংপি ।

১২জনীয়া এই ৰেফাৰীসকলক নিৰ্দিষ্ট সময়ত উপস্থিত থাকিবলৈ অসম ভলীবল  সন্থাৰ সম্পাদক অমল বৰুৱাই জনাইছে ।

Your Comments