নগাঁও হত্যাকাণ্ডৰ অভিযুক্ত ছুটকা কাহাৰক যাৱজ্জীৱন কাৰাদণ্ড

নগাঁও হত্যাকাণ্ডৰ অভিযুক্ত ছুটকা কাহাৰক যাৱজ্জীৱন কাৰাদণ্ড

নগাঁৱৰ পৰা ৱাহিদুদ জামান

হত্যাৰ গোচৰত অভিযুক্ত নগাঁৱৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে নগাঁও আদালতে । প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বনুৱা গাঁৱত ২০০৬ চনতে সংঘটিত এক হত্যাৰ গোচৰৰ ৰায় প্ৰদান কৰি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে আজি ছুটকা কাহাৰ নামৰ লোকজনক যাৱজ্জীৱন কাৰাদণ্ড বিহে ।

আদালতৰ এই ৰায় সন্দৰ্ভত চৰকাৰী লোক অভিযোক্তা (public procecutor) বিভা ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ২০০৬ চনৰ ৫ ছেপ্টেম্বৰৰ সন্ধ্যা ছুটকা কাহাৰে স্থানীয় কমল নাথ নামৰ লোকজনক কাঠৰ বাটামেৰে কোবাই গুৰুতৰ ভাবে জখম কৰাৰ দুদিন পিছত তেওঁৰ মৃত্যু হৈছিল।

কমল নাথ আৰু তেওঁৰ পত্নী পুষ্পা প্ৰভা দেবীয়ে সেইদিনা সন্ধ্যা তেওঁলোকৰ পুত্ৰ‌ই ঘৰত পঢ়ি থকাৰ বাবে ছুটকা কাহাৰে ওচৰতে চিঞৰ-বাখৰ কৰাত অসুবিধা হোৱাত এই কাৰ্যৰ প্ৰতিবাদ কৰিছিল।

এই লৈ তেওঁলোকৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ মাজতে কাহাৰে ওচৰতে থকা ঘৰৰ পৰা এখন কাঠৰ বাটাম আনি কমল নাথক মোৰত তীব্ৰ আঘাত কৰাত তেওঁৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ পত্নীও আহত হৈছিল।

ঘটনা সন্দৰ্ভত স্থানীয় ৰহা আৰক্ষী থানাত ভুক্তভোগীৰ কন্যাই দিয়া এজাহাৰ ভিত্তিত নগাঁও চেছন আদালতত ভাৰতীয় দণ্ড বিধি আইনৰ ৪৪৮/৩২৩/৩০২ ধাৰাৰ অধীনত ১৪৮/০৮ নম্বৰত এক গোচৰ পঞ্জীয়ন হৈছিল।

এই ধাৰাসমূহৰ ভিত্তিতে চলা বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি আদালতে আজি হত্যাকাৰী ছুটকা কাহাৰক দোষী সাব্যস্ত কৰাৰ লগতে তেওঁক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। আনহাতে এই গোচৰৰ আন অভিযুক্ত তথা কাহাৰৰ দুই পুত্ৰক আদালতে দোষমুক্ত ঘোষণা কৰে।

এই গোচৰৰ গোচৰীয়া পক্ষৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল চৰকাৰী লোক অধিবক্তা বিভা ফুকনে ।

Your Comments