সংগীতপ্ৰেমীৰ বাবে এক দুঃখবৰ ,গায়ক তথা অধিবক্তা ঋষিৰাজ শৰ্মাৰ বিয়োগ

A


নিউজ  ডেস্ক:
গায়ক তথা অধিবক্তা ঋষিৰাজ শৰ্মাৰ বিয়োগ।
বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা ঋষিৰাজ শৰ্মাক হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু ঘটে। 
উল্লেখ্য যে, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাগিন আছিল ঋষিৰাজ শৰ্মা।
কালজয়ী কণ্ঠশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুযোগ্য পুত্ৰ ঋষিৰাজ শৰ্মাইও পিতৃ-মাতৃক  অনুসৰণ কৰি সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিল।
গায়ক  তথা অধিবক্তাগৰাকীৰ আকস্মিক বিয়োগে মৰ্মাহত কৰিছে তেওঁৰ গুণমুগ্ধক।

Your Comments