বতাহ-বৰষুণত ছিঙি পৰা বিদ্যুৎ তাঁৰ লাগি গুৱাহাটীৰ গীতানগৰত এজনৰ মৃত্যু

A

নিউজ ডেস্ক:

গুৱাহাটীৰ গীটানগৰত মৰ্মান্তিক ঘটনা।শুকুৰবাৰে নিশাৰ ভাগত অহা বতাহ-বৰষুণত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি এজনৰ মৃত্যু।মৃত ৰিক্সাচালক গৰাকীৰ নাম 'মদন' বুলি জানিব পৰা গৈছে।উল্লেখ্য যে গীতানগৰ আমাৰ পথত সংঘটিত হৈছে এই মৰ্মান্তিক হৃদয়বিদাৰক ঘটনাটো।নিশা অহা বতাহ বৰষুণত বিদ্যুৎ পৰিবাহী তাঁৰ পথত ছিঙি পৰি আছিল।দিন হাজিৰা কৰি ঘৰলৈ উভতি আহিছিল মৃত মদন।
আনহাতে বিদ্যুৎস্পৃষ্ট লোকজনক স্থানীয় লোকে উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুৰ্ভগীয়া ব্যক্তিজনক।ধুবুৰী গোলোকগঞ্জত ঘৰ মৃত মদনৰ।
ইফালে বৰ্তমানো অঞ্চলটোত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা।বিভাগক খবৰ দিয়াৰ পাছতো কৰ্মচাৰী উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

Your Comments