গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্চ ডেইজী দাসক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

falicitation

১৫ আগষ্ট তাৰিখে দেশৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে বৰ্তমান ক’ভিড সৃষ্ট পৰিৱেশে সন্ত্ৰাসৰ ৰূপ লৈছিল দেশত ৷ এই ক’ভিডৰ সময়চোৱাত সৰ্বাধিক ভেক্‌চিন প্রদান কৰি অভিলেখ সৃষ্টি কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী নাৰ্চ ডেইজী দাসৰ ন মাইলৰ আদৰ্শ নগৰস্থিত গৃহত উপস্থিত হৈ মুখ্যমন্ত্রী শৰ্মাই দাসক সম্বৰ্ধনা জনায় । 

গুৰুত্বপূৰ্ণ যে, ডেইজী দাসে ১৬ জানুৱাৰীৰপৰা বৰ্তমানলৈকে মুঠ ১৭হাজাৰ ভেক্‌চিন প্রদান কৰে। ডেইজী দাসৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত নাৰ্চ জোনাকী দৈমাৰী, গৰিমা দাসকো সম্বৰ্ধনা জনায় । উল্লেখ যোগ্য যে, ডেইজী দাসৰ বাসগৃহত মুখ্যমন্ত্রীৰ লগতে উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষকো ।

Your Comments