অসম আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীলৈ আজি আগবঢ়োৱা হ’ব বিশেষ সন্মান

Independence day celebration

ভাৰতবৰ্ষৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে বিশেষ সন্মান প্ৰদান কৰা হ’ব  অসমৰ ১৮ গৰাকী আৰক্ষী বিষয়া তথা জোৱানক। গুৱাহাটীৰ প্ৰাক্তন আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক তেওঁৰ বিশিষ্টসেৱাৰ বাবে , অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগেল, প্ৰকাশ সোণোৱাল, উপ-পৰিদৰ্শক স্ৰাজু তায়েং সৌৰভ ঝা আৰু চি টি নকজো ৱাংপানলৈ তেওঁলোকৰ বীৰত্বৰ আৰু প্ৰয়াত উপ-পৰিদৰ্শক ভাস্কৰ কলিতালৈও মৰণোত্তৰ ভাৱে প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ আৰক্ষীৰ পদক।

আনহাতে, অসম অগ্নি নিৰ্বাপক বাহিনীৰ ৩গৰাকী কৰ্মী কুমুদ চন্দ্র গগৈ, তপন কুমাৰ দাস, যতীন চন্দ্র সাউদলৈ আগবঢ়োৱা হ’ব ৰাষ্ট্রপতিৰ পদক। 

ইয়াৰোপৰি অসম-মিজোৰাম সীমান্তত মিজোৰামৰ আক্ৰমনত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ কৰ্মীসকললৈ আজিৰ দিনটোতে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক প্ৰদান কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে অসম আৰক্ষীৰ বিশেষ ডিজিপি জি পি সিঙে।

Your Comments