ঘগ্ৰাপাৰত নীলা কেৰাচিনৰ ক'লা ব‍্যৱসায়:আৰক্ষীৰ জালত সমবায়ৰ সচিবসহ দুগৰাকী চোৰাং ব‍্যৱসায়ী

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৪ জুলাইঃ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগান বিভাগৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব‍্যৱস্থাটোক অধিক স্বচ্ছ,নিকা আৰু জনমুখী কৰাৰ বাবে তৎপৰ হোৱাৰ সময়তে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰত নীলা কেৰাচিনৰ দুগৰাকী ক'লা ব‍্যৱসায়ী আৰু এগৰাকী সমবায়ৰ সচিবক আৰক্ষীয়ে আটক কৰে। উল্লেখ‍্য যে নলবাৰী জিলাৰ সমান্তৰালভাৱে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্নখন বহুমুখী সমবায়ৰ সচিব-সভাপতি আৰু একাংশ সুল‍ভ মূল‍্যৰ দোকানীয়ে কেৰাচিন তেল ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ অহাত আজি ঘগ্ৰাপাৰত নীলা কেৰাচিন ক'লা বজাত বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে সমবায়ৰ সচিবসহ দুগৰাকী চোৰাং ব‍্যৱসায়ীক আটক কৰে। জানিব পৰা মতে ঘগ্ৰাপাৰৰ তেল ডিপোৰ পৰা বড়িগোগ বনভাগ (ধুৰকুছি) বহুমুখী সমবায়ৰ প্ৰায় ৬০০ লিটাৰ কেৰাচিন তেল As-14 A C- 1225 নম্বৰৰ টেম্প' ভান এখনেৰে দুই চোৰাং ব‍্যৱসায়ী ক্ৰমে নলবাৰীৰ মুছলিম আলী আৰু ইমামুল হকে নলবাৰী চহৰ অভিমুখে গৈ থকা অৱস্থাতে ঘগ্ৰাপাৰ আৰক্ষীয়ে জাজিয়াবাৰীত জব্দ কৰে।ধৃত চোৰাং ব‍্যৱসায়ী দুগৰাকীয়ে তেলখিনি ধুৰকুছি বহুমুখী সমবায়ৰ সচিব বসন্ত বেজবৰুৱা( বিপুল )ৰ বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰাত আৰক্ষীয়ে সচিব বেজবৰুৱাক সোধপোচৰ বাবে আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে তিনিওগৰাকীৰে সোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।ইফালে,আৰক্ষীয়ে এখন দীঘলীয়া তালিকাৰ ভিত্তিত সুল‍ভ মূল‍্যৰ দোকানে দোকানে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত অভিযান। ইপিনে,ঘগ্ৰাপাৰ আৰক্ষীৰ এনে বৃহৎ সফলতাক অঞ্চলটোৰ ৰাইজে শলাগ লোৱাৰ লগতে ঘগ্ৰাপাৰ অঞ্চলৰ সুলভ মূল‍্যৰ এজেন্টে দুখীয়া গ্ৰাহকৰ পৰা চাউল আৰু কেৰাচিন কৰ্তন কৰাৰ লগতে বিভিন্ন অনিয়ম-দুৰ্নীতিৰ বিৰুদ্ধে নলবাৰী জিলা উপায়ুক্তক শীঘ্ৰে তদন্ত কৰিবলৈ গ্ৰাহক ৰাইজে আহ্বান জনাইছে।

Your Comments