তীৰ্থনগৰী হাজোত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্মসহ শান্তি সদ্ভাৱনা যাত্ৰা

Pic

*হাজো ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান*

*পুঠিমাৰী নৈত বিসৰ্জন চিতাভষ্ম*

#হাজোৰ বিশেষ প্ৰতিবেদক,১২ জানুৱাৰী:

শদিয়াৰ পৰা ধুবুৰী হৈ জননেতা প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্মসহ শান্তি সদ্ভাৱনা যাত্ৰা আহি আজি উপস্থিত হয় তীৰ্থনগৰী হাজোত।হাজো ব্লক কংগ্ৰেছৰ উদ্যোগত কেইবা শতাধিক দলীয় নেতা-কৰ্মীয়ে হাজোৰ চেচামুখ দলংঘাট চ'কৰ পৰা বাইক ৰেলীৰে সাংসদ পুত্ৰসহ শান্তি সদ্ভাৱনা যাত্ৰা আদৰি আনে হাজো ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সমীপৱৰ্তী শ্ৰদ্ধাঞ্জলিস্থলীলৈ। ইয়াৰ পিছতে জননেতা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানস্থলীত আজি বৰ্ণিল কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠানৰ।

শ্ৰদ্ধাঞ্জলিস্থলীত অনুষ্ঠিত হয় এখন সৰ্বধৰ্ম প্ৰাৰ্থনা-সভা। হাজো ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু ব্লক কংগ্ৰেছৰ সভাপতি ৰুবুল আলীয়ে আঁঁত ধৰা হাজোৰ পটনিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুস্থানত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে সাংসদ পুত্ৰ গৌৰৱ গগৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰাক্তন মন্ত্ৰী অকন বৰা, বিধায়ক ৰকিবুল হুছেইন, বিধায়িকা নন্দিতা দাস, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনেশ্ব্যাম কলিতা, কংগ্ৰেছৰ মুখপত্ৰ দিলীপ কুমাৰ শৰ্মা, ন-কংগ্ৰেছী খগেন কলিতা,বিশিষ্ট অভিনেতা হিৰন্য দাস, মানস বৰা,বাপুকন আলী, মৃদুল মালাকাৰ, কিশোৰ ভট্টাচাৰ্য্যকে ধৰি কেইবাগৰাকী দলীয় নেতা-কৰ্মীয়ে।

Pic

জননেতা প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে ৰাইজক উদ্দ্যেশি কয়-"সুুস্থ অৱস্থাত প্ৰয়াত মুখ্যমন্ত্ৰী গগৈয়ে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। সেয়ে প্ৰয়াত গগৈৰ শেষ ইচ্ছা পূৰনৰ বাবে ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ চিতাভষ্ম লৈ শান্তি সদ্ভাৱনা যাত্ৰা কৰি লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে।আৰু আজি এই শান্তি সদ্ভাৱনা যাত্ৰাৰ অন্ত পেলোৱা হ'ল শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ স্থলী তীৰ্থনগৰী হাজোত।এই দীৰ্ঘদিনীয়া যাত্ৰাৰ সময়চোৱাত এইটো কথা পৰিলক্ষিত হৈছে যে প্ৰয়াত গগৈ কেৱল মাত্ৰ মোৰেই পিতৃ নাছিল,তেওঁ ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজৰ অভিভাৱকস্বৰূপ আছিল।"

ইয়াৰ পিছতে প্ৰয়াত গগৈৰ চিতাভষ্ম পুঠিমাৰী নদীৰ বৰুৱাবাৰী ঘাটত বিসৰ্জন দিয়ে।

Your Comments