“ড্ৰাই ক্লিনিঙ”ৰ বিষয়ে জানো আহক...

Pic

আমাৰ গতানুগতিক জীৱনৰ এটা বিশেষ অংগ “ড্ৰাই ক্লিনিং” ৷ যদিও আমি কাপোৰ ড্ৰাই ক্লিনিং কৰাৰ ক্ষেত্ৰত অভ্যস্ত, কেতিয়াবা ভাবি চাইছোনে ইয়াৰ অতীতটোৰ ৱিষয়ে? আহক আজি কিছু কথা আলোচনা কৰো ড্ৰাই ক্লিনিং প্ৰকৃততে কি আৰু তাৰ বুৰঞ্জী ৷ ড্ৰাই ক্লিনিং হ’ল পানীৰ বাহিৰে আন জুলীয়া দ্ৰব্য ব্যৱহাৰ কৰি কাপোৰ, ছামৰা বা ফাৰ পৰিষ্কাৰ কৰাৰ পদ্ধতি ৷ ১৮২১ চনত থমাছ এল. জেনিংচ্‌ নামৰ আফ্ৰিকান-আমেৰিকান বিজ্ঞানী জনে “dry scouring” নাম দি প্ৰথমটো ড্ৰাই ক্লিনাৰ আৱিষ্কাৰ কৰিছিল ৷ পেৰিছৰ জলী বেলিনে ১৮২৫ চনত turpentine ব্যৱহাৰ কৰি প্ৰথম বাৰৰ বাবে বাণিজ্যিক ভাৱে “dry laundry” ৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

Pic

খনিজ তেলেৰে ড্ৰাই ক্লিনিং কৰাৰ পদ্ধতি আৰম্ভ হৈছিল ফ্ৰান্সৰ জিন বেপ্টিষ্ট জলীৰ দ্বাৰা ৷ তাৰ আঁৰৰ মজাৰ কাহিনীটো হ’ল যে এই আৱিষ্কাৰ আকস্মিক ভাৱে হৈছিল ৷ অকস্মাতে টেবুল ক্লথত পেট্ৰ’ল পৰাত জে.বি. জলীয়ে ধুবলৈ গৈ দেখিলে যে টেবুল ক্লথখন ধুই দিওঁতে পেট্ৰ’ল পৰা ঠাই খিনি অধিক পৰিষ্কাৰ আৰু উজ্জ্বল হৈছে ৷ আচৰিত যেন লাগিলেও ফ্ৰান্সৰ ড্ৰাই-ক্লিনিঙৰ পদ্ধতি এনেকৈয়ে আৱিষ্কাৰ হৈছিল অকস্মাৎ ৷

Your Comments