৫০ হাজাৰ টকাৰ আশা:ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণীসমূহৰ কল্যাণ সঞ্চালকালয়ত নিবনুৱাৰ দীঘলীয়া শাৰী

#Assamgovt

অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণীসমূহৰ কল্যাণ বিভাগে ৰাজ্যৰ অ'বিচি আৰু এছচি নিবনুৱালৈ আগবঢ়াব ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান।ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হোৱা নিবনুৱা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই প্ৰতিদিনৰ দৰে আজিও পুৱাৰে পৰা ৰাজ্য বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীয়ে নিজ-নিজ আবেদন পত্ৰ দাখিল কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে গুৱাহাটী ৰুক্মিণী নগৰত থকা ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণী সমূহৰ কল্যাণ বিভাগৰ সঞ্চালকালয়ত।

আত্মসংস্থাপনৰ আশা লৈ নিবনুৱা যুৱক -যুৱতীসকল শদিয়া, ধুবুৰী, লখিমপুৰ,ওদালগুৰি, হোজাই আদি বিভিন্ন জিলা পৰা আহিছে।সকলোৰে এটাই কাম্য ৫০ হাজাৰ টকাৰে নিজাকৈ কিবা এটা কৰিম।

উল্লেখ যে ২১ ডিচেম্বৰ আবেদন দাখিলৰ অন্তিম দিন।পুৱাৰ ভাগৰে পৰা বিভিন্নজন নিবনুৱাই নিজৰ আবেদন জমা দিয়াৰ বাবে শাৰী পাতিছে সঞ্চালকালয় কাৰ্যালয়ত।

বিভাগে বান্ধি দিয়া নিয়ম অনুসৰি ২৫-৪৫ বছৰ নিম্নতম স্নাতক ডিগ্ৰীধাৰী নিবনুৱাক প্ৰদান কৰিব এই সুবিধা।অৱশ্যে কিমান নিবনুৱাক আঁচনিয়ে সামৰি ল'ব সেই কথা বিভাগে কোনো প্ৰকাশ কৰা নাই।

গুৰুত্বপূৰ্ণ যে ৰাজ্যত দ্ৰুত গতিত নিবনুৱা সংখ্যা যে বৃদ্ধি হৈছে,তাৰে এখন ছবি পৰিস্ফুট কৰিছে ৰুক্মিণী নগৰৰ কাৰ্যালয়ৰ পৰিৱেশে।

Your Comments