কামৰূপ জিল‍া পৰিবহণ বিষয়া গৌতম দাসক বিদ‍ায় সম্বৰ্ধনা

Amingaon

কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসক ২৬ নৱেম্বৰত আমিনগাঁৱত বিদায় সম্ভাষণ জনোৱা হয়।কামৰূপ (মহানগৰ) জিল‍া পৰিবহণ বিষয়া হিচাপে নিযুক্তি লাভ কৰা গৌতম দাসে আজি আনুষ্ঠানিকভাৱে কামৰূপ জিলাৰ নৱনিযুক্ত পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাক দায়িত্ব  প্ৰদান কৰে।তাৰ পিছতে পৰিবহণ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা এখন বিদায়ী সভা অনুষ্ঠিত কৰা হয়।পৰিবহণ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী বলোৰাম বৰুৱাই আঁঁত ধৰা অনুষ্ঠানত পৰিবহণ বিভ‍াগৰ তৰফৰ পৰা গৌতম দাসক সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা ল‍াভ কৰি দাসে পৰিবহণ বিভাগৰ সমূহ বিষয়া- কৰ্মচাৰীৰ লগতে কামৰূপ জিলাৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।সভাৰ আৰম্ভণিতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়।বিদায়ী সভাতে নৱনিযুক্ত পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাকো সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত কামৰূপ জিলাৰ মটৰ পৰিদৰ্শক ভূপেন শইকীয়া, এনফ'ৰ্চমেন্ট বিষয়া বিক্ৰমাদিত্য গগৈ, মোজামিল হক,সাংব‍াদিক মধুসূদন মেধী, জিলা পৰিবহণ বিভাগৰ কেইবাজনো বিষয়া- কৰ্মচাৰী উপস্থিত থাকে।

Your Comments