আজিৰ দিনটোৰ বিষয়ে জানেনে বাৰু আপুনি?

WCD

আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত সংবিধান দিৱস (National Constitution Day)হিচাপে পালন কৰা হয় ৷ এইটো দিনক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও জনা যায় ৷

WCD

১৯৪৯ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২৬ নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধান সভাই আমাৰ সংবিধানখন গ্ৰহণ কৰিছিলে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰপৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী হৈছিল ৷

২০১৫ চনৰ ১১ অক্টোবৰ তাৰিখে ভাৰতীয় সংবিধানৰ পিতৃ ড: বি আৰ আম্বেদকাৰৰ ১২৫তম জন্ম বাৰ্ষিকীত সমতাৰ প্ৰতিমূৰ্তি মুম্বাইত উন্মোচন কৰোতে ভাৰত চৰকাৰৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিনটোক ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে ঘোষণা কৰে আৰু সেই বছৰৰে ১৯ নৱেম্বৰ তাৰিখে চৰকাৰী গোহাৰিৰ যোগেদি প্ৰকাশ পায় এই ঘোষণা ৷

Your Comments