হঠাৎ তেজৰ দৰে ৰঙা হৈ পৰিল ৱালধুনী নদীৰ পানী,অপৰাধীৰ নাম জনালে পাব এক লাখ টকা

Red River

মহাৰাষ্ট্রৰ থানে জিলাত ঘটিছে এটা অদ্ভুত ঘটনা।তাৰেই ৱালধুনী নদীৰ পানী হঠাৎ তেজৰ দৰে ৰঙা হ’বলৈ আৰম্ভ কৰিছে ৷ ঘটনা দেখি আচৰিত স্থানীয় জনতা।

উলহাসনগৰ আৰু আম্বৰনাথ অঞ্চলত বসবাস কৰা জনতাৰ মত অনুসৰি ৱালধুনী নদীত বিষাক্ত ৰসায়নিক পদার্থ পেলোৱা হৈছে।যাৰ বাবে কেৱল পানীৰ ৰং পৰিবৰ্তন হৈছে এনে নহয়,বৰঞ্চ মানৱ জীৱনো প্ৰভাৱিত হৈছে। 

স্থানীয় জনতাই জনাইছে,ৰাজ্যিক প্ৰদূষণ ব’র্ড এমপিচিবি (মহাৰাষ্ট্র প্ৰদূষণ নিয়ন্ত্রণ ব’র্ড)ৰ ওচৰতো বাৰেবাৰে অভিযোগ কৰা হৈছে যদিও তেওঁলোকে একো পদক্ষেপ  গ্ৰহণ কৰা নাই।

উলহাসনগৰৰ কাউন্সিলৰে নদীত আৱৰ্জনা পোলোৱা এনে ব্যক্তিৰ সম্ভেদ দিব পাৰিলে এক লাখ টকাৰ পুৰষ্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

Your Comments