নিৰুদ্দেশ হোৱা শিশু উদ্ধাৰ কৰা সাহসী সীমা ঢাকা

Sima Dhaka

প্ৰত্যেক বছৰে হাজাৰ হাজাৰ শিশু নিৰুদ্দেশ হয় ভাৰতবৰ্ষৰ ৰাজধানী নগৰ দিল্লীৰ পৰা ৷ তথ্য অনুসৰি চলিত বৰ্ষতো দিল্লীত নিৰুদ্দেশ হৈছিল ৩,৫০৭ টা শিশু ৷ তাৰে  ২৬২৯ টা শিশু এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে ৷

শেহতীয়াকৈ আৰক্ষী কৰ্তৃপক্ষই এটা শিশু সৰবৰাহকাৰী চক্ৰৰ বিষয়ে অৱগত হৈ দিল্লী আৰক্ষীৰ মুখ্য মহিলা কণিষ্টবল সীমা ঢাকাক এই চক্ৰটোৰ সবিশেষ তদন্ত কৰিবলৈ দায়িত্ব দিয়ে ৷ উল্লেখযোগ্য যে অতি কম দিনৰ ভিতৰত সীমা ঢাকাই অনুসন্ধান কৰি মুঠ ৭৬টা শিশুক নিজ নিজ ঘৰত গটাই দিয়াত সফল হয় ৷

Your Comments