হংকঙত নিষিদ্ধ কৰা হ’ল এয়াৰ ইণ্ডিয়াৰ প্ৰৱেশ

Air India

চলিত সপ্তাহত দিল্লীৰপৰা হংকঙলৈ যোৱা এখন বিমানত ক’ৰ’না আক্ৰান্ত যাত্ৰী ধৰা পৰিছিল ৷ ফলত ক’ৰ’নাৰ সংক্ৰমন ৰোধ কৰিবলৈ এই বছৰৰে ৩ ডিচেম্বৰৰপৰা এয়াৰ ইণ্ডিয়াৰ সকলোবোৰ বিমানৰ প্ৰৱেশ হংকঙলৈ নিষিদ্ধ কৰি হংকং প্ৰশাসনে কঠোৰ নিৰ্দেশ জাৰি কৰিছে ৷

উল্লেখযোগ্য যে একেটা কাৰণতে চলিত বৰ্ষত ইয়াৰ পূৰ্বেও পাঁচবাৰকৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ প্ৰৱেশ হংকঙলৈ নিষিদ্ধ কৰিছিল হংকং প্ৰশাসনে ৷

Your Comments