"মই 'আছু'ত থকা-নথকাৰ বিষয়ে বিবেকৰ লগত কথা পাতিবলৈ প্ৰতিনিধিসকলৰ পৰা সময় বিচাৰিছো"-ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Dr.Samujjal

সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল'বলৈ দুলীয়াজান আহি বিপাঙত পৰিছে মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।কাৰণ আছুৰ সত্তা হিচাপে পৰিচিত হোৱা জ্যেষ্ঠ নেতা ড: ভট্টাচাৰ্যক সংগঠনৰ পৰা বিদায় দিবলৈ নিবিচাৰে সতীৰ্থসকলে।আছুৰ প্ৰতিজনকর্মীৰ আহ্বান 'সমুজ্জ্বল দা',আপুনি নাযাব।

শুকুৰবাৰে দুলীয়াজানৰ চলাকটকী খেলপথাৰৰ আছুৰ প্ৰতিনিধি সভাত ড: ভট্টাচাৰ্য্যই উদ্বোধনী ভাষণত আছুৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ বিচৰাৰ কথা ঘোষণা কৰা লগে লগে সভাত থকা আছুকর্মীসকল থিয় হৈ ভট্টাচাৰ্যক আছুত থকাৰ আহ্বান জনায়।

ইফালে প্ৰতিনিধি সভাৰ পৰিৱেশ দেখি বিপাঙত পৰিছে ভট্টাচাৰ্য।

"মই অৱসৰ ল'বলৈ দুলীয়াজান আহিছিলোঁ।প্ৰতিনিধি সভাত মোৰ মনৰ ভাব প্ৰকাশ কৰিছিলোঁ।কিন্তু সন্মানীয়ে প্ৰতিনিধিসকল নিজৰ মতত অলৰ-অচৰ হৈ থাকিল।দীৰ্ঘদিন আছুত সেৱা কৰাৰ পিছত মই অৱসৰ ল'বলৈ আহিছিলোঁ।প্ৰতিনিধিসকলৰ বলিষ্ঠ মতৰ প্ৰতি সন্মান-শ্ৰদ্ধা জনাইছো।বিষয়টোক লৈ বিবেকৰ লগত কথা পতাৰ প্ৰয়োজন আছে।বিবেকৰ লগত কথা পাতিবলৈ প্ৰতিনিধিসকলৰ পৰা সময় বিচাৰি অনুমতি বিচাৰিছোঁ"-এইদৰে কয় ভট্টাচাৰ্যই।

অসমৰ মাটিত আছু সদায় শক্তিশালী হৈ থাকিব লাগিব।আছুৰ অভিভাৱক অসমৰ ৰাইজ।ছাত্ৰ-ছাত্ৰীৰ চিন্তা আছুৰ শক্তি।ভট্টাচাৰ্যই লগতে কয়।

Your Comments