বেচৰকাৰী বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ ৰাজ্যৰ শিক্ষা বিভাগৰ,কোন ক্লাছত কিমান পঢ়ি জানি লওঁক

School Fees

ৰাজ্যৰ বেচৰকাৰী বিদ্যালয়সমূহে এতিয়াৰে পৰা মন গ'লেই বৃদ্ধি কৰিব নোৱাৰিব বিদ্যালয়ৰ মাচুল।ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিলে বেচৰকাৰী বিদ্যালয়সমূহৰ সৰ্বাধিক মাচুুলৰ পৰিমাণ।

প্ৰতিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে প্ৰথম মানৰ পৰা পঞ্চম শ্রেণীলৈ প্ৰতি বছৰে সর্বাধিক ২৭ হাজাৰ টকা ল'ব পাৰিব।

ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈ বছৰেকত সৰ্বাধিক ল'ব পাৰিব ৩২হাজাৰ টকা।

একেদৰে একাদশ আৰু দ্বাদশ শ্ৰেণীত কলা শাখাত ৩২ হাজাৰ,বিজ্ঞান শাখাত ৩৭ হাজাৰ, বাণিজ্যিক শাখাত ৩৩ হাজাৰ আৰু কাৰিকৰী শাখাত ৩৫ হাজাৰ।

গুৰুত্বপূৰ্ণ যে নিৰ্ধাৰণ কৰি দিয়া বছৰেকীয়া মাচুলৰ ভিতৰত সকলো প্ৰকাৰৰ মাচুল অন্তৰ্ভুক্ত কৰা হৈছে।

Your Comments