মৰিগাঁও নগৰত চলি থকা নলা নিৰ্মান আৰু চাফাই কাম পৰ্যবেক্ষন জিলা উপায়ুক্ত লীনা দাসৰ

Morigao

মৰিগাঁৱৰ পৰা জিতুমণি দাস:

মৰিগাঁও নগৰত চলি থকা নলা নিৰ্মাণ আৰু চাফাই কামসমূহ মঙলবাৰে পৰ্যবেক্ষন কৰে জিলা উপায়ুক্ত লীনা দাসে। উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈ মৰিগাঁও পৌৰসভাৰ দ্বাৰা নগৰখনৰ নলাসমূহৰ নিৰ্মাণ-কাৰ্য সম্পৰ্ণ কৰাত নগৰখনত জমা হোৱা পানী ওলাই যাব নোৱাৰাৰ বাবেই এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰি আহিছে।বৰ্তমানৰ শাসকীয় চৰকাৰখনৰ কাৰ্যকালত বিজেপি নেতৃত্বাধীন মৰিগাঁও পৌৰসভাখনেও নগৰখনৰ উন্নয়ন কৰাৰ ক্ষেত্রত চকুত লগাকৈ একো কৰিব নোৱাৰিলে যদিও শেহতীয়াকৈ  ৰাজ্য চৰকাৰে আৱন্টন দিয়া ১০ কোটি টকা ব্যয়ৰে পুনৰ নগৰখনত নলাসমূহৰ  নিৰ্মাণ আৰু চাফাই কাম আৰম্ভ হৈ আছে । নগৰখনত চলি থকা নলাসমূহৰ নিৰ্মাণ আৰু চাফাই কামসমূহ পৰ্যবেক্ষণ কৰি জিলা উপায়ুক্তগৰাকীয়ে কিছু কিছু অংশত পূৰ্বৰ ঠিকাদাৰসকলে সংঘটিত কৰা একেবাৰে নিম্ন মানৰ কামসমূহৰ পুনৰ নিৰ্মাণ-কাৰ্য   সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কতৃপক্ষক পৰামৰ্শ প্ৰদান কৰে।লগতে নগৰখনত জমা হোৱা পানীসমূহ যাতে নগৰখনৰ সমীপৰ মৰাকলং আৰু মালপোতাৰ জলাশয়লৈ বোৱাই দিব পাৰে,সেই ক্ষেত্রত শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে। ইফালে নগৰখনৰ দৈনিক বজাৰত সৃষ্টি হৈ থকা কৰ্দযয়ময় পৰিৱেশ পৰিদৰ্শন।কৰি স্বচ্ছতা বৰ্তাই ৰখাৰ ক্ষেত্রত মৰিগাঁও পৌৰসভাৰ দায়িত্বত থকা কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰি দৈনিক বজাৰখনৰ স্বচ্ছতা বৰ্তাই ৰখাৰ ক্ষেত্রত পৌৰসভা আৰু ব্যৱসায়ীসকলক পৰস্পৰে পৰস্পৰৰ লগত সহযোগিতাৰ মনোভাৰৱেৰে কাম কৰি যাবলৈ আহ্বান জনাই।জিলা উপায়ুক্ত লীনা দাসে নগৰখনৰ নলা নিৰ্মাণ আৰু চাফাই কামসমূহ পৰিদৰ্শনৰ সময়ত সহযোগিতা আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী,গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মৃনাল বৰা,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথকে আদি কৰি পৌৰসভা আৰু গড়কাপ্তানি বিভাগৰ কেইবাজনো বিষয়াই।

 

Your Comments