দেশৰ প্রান্তে প্রান্তে দুৰ্গা পূজাৰ প্ৰতিমা আৰু মণ্ডপৰ চমক

Durga Puja

ক’ভিড-১৯ মহামাৰীৰ বাবে দেশৰ অন্যান্য উৎসৱ-অনুষ্ঠানৰ লগতে দুৰ্গা পূজাও হোৱা- নোহোৱাৰ অনিশ্চয়তাই চিন্তাত পেলাইছিল ধৰ্মপ্ৰাণ লোকসকলক ৷

শেষত চৰকাৰী অনুমতি আহিল যে ক’ভিড প্ৰ’টকল মানি চলি অনুষ্টুপীয়াকৈ পালন কৰিব পাৰিব পূজা ৷

প্ৰত্যেক বছৰেই ন ন ৰূপত ন ন চিন্তা, বিষয়েৰে দুৰ্গা গোঁঁসানী আৰু মণ্ডপসমূহ সজাই তোলা দেখিবলৈ পোৱা যায় ৷ পূজাতকৈ মণ্ডপৰ প্ৰতিযোগিতাই লাহে লাহে প্ৰাধান্য পোৱাও পৰিলক্ষিত হৈ আহিছে।

Durga Puja

এইবাৰো অনাড়ম্বৰভাৱে পালন কৰিবলৈ লোৱা দুৰ্গা পূজাৰ বাবে শিল্পীসকলৰ ন ন চিন্তাত প্ৰাণ পায় উঠিছে পূজাৰ বাবে নিৰ্মিত প্ৰতিমাসমূহে৷ 

ক’ৰবাত যদি ক’ভিড বিপৰ্যয়ৰ দুৰ্গতসকলৰ প্ৰতিচ্ছবি,আন ক’ৰবাত সুশান্ত সিং ৰাজপুতৰ মুখাবয়ৱৰ কাৰ্তিক দেখিবলৈ পোৱা হৈছে  কলকাতাৰ পূজাৰ প্ৰতিমাত।সেইদৰে দিল্লীত চিকিৎসাকৰ্মী আৰু আৰক্ষীৰ বেশত নিৰ্মিত প্ৰতিমা চৰ্চালৈ আহিছে।

 

Your Comments