শৰণাৰ্থী এলবাৰ্ট আইনষ্টাইন আৰু ১৭ অক্টোবৰৰ দিনটো 

Einstain

১৮৭৯ চনৰ ১৪মাৰ্চত জাৰ্মানীত জন্ম গ্ৰহণ কৰা এলবাৰ্ট আইনষ্টাইনক আমি জানো এজন প্ৰতিভাশালী বিজ্ঞানী,পদাৰ্থবিদ,নোবেল পুৰস্কাৰ প্ৰাপক হিচাপে ৷ তেওঁৰ আপেক্ষিকতাবাদ তত্ত্বই সমগ্ৰ বিশ্বলৈয়ে পৰিৱৰ্তন আনিছিল ৷

AL

ইয়াৰোপৰি তেওঁ আছিল এগৰাকী শৰণাৰ্থী আৰু মানৱতাবাদী ব্যক্তি ৷ আইনষ্টাইনে বহুবোৰ দেশৰ নাগৰিকত্ব ল’ব লগা হোৱাৰ পিছত দ্বিতীয় মহাযুদ্ধৰ পূৰ্বে নাজি বাহিনীয়ে জাৰ্মানীৰ শাসন হাতত লোৱাত ১৯৩৩ চনৰ ১৭অক্টোবৰ তাৰিখে এগৰাকী জাৰ্মানী শৰণাৰ্থী হিচাপে আমেৰিকালৈ যায় আৰু পিছত তাৰেই নাগৰিকত্ব গ্ৰহণ কৰে ৷

ইণ্টাৰনেচনেল ৰেস্কিউ কমিটী আইনষ্টাইনৰ অনুপ্ৰেৰণাতেই প্ৰতিষ্ঠা হোৱা সংস্থা ৷

উল্লেখযোগ্য যে এলবাৰ্ট আইনষ্টাইন ১৮৯৬ চনৰপৰা ১৯০১চনলৈকে ৰাষ্ট্ৰহীন হৈ আছিল ৷ অৰ্থাৎ তেওঁ সেই সময়চোৱাত কোনো দেশৰে নাগৰিক নাছিল ৷

Your Comments