কৰদাতাসকলৰ সুবিধাৰ্থে কৰ বিভাগৰ নিজা প'ৰ্টেল মুকলি

বঙাইগাঁৱৰ প্ৰতিবেদক:

কৰদাতাসকলৰ সুবিধাৰ্থে কৰ আদায় দিয়াৰ বাবে কৰ বিভাগে মুকলি কৰিছে নিজা প'ৰ্টেল।এই প'ৰ্টেলৰ জৰিয়তে কৰদাতাসকলে অনলাইন যোগে কৰ আদায় দিব পাৰিব ৷ উল্লেখ্য যে পূৰ্বৰ কৰদাতাসকলে তেওঁলোকৰ কৰসমূহ যি বেংক প'ৰ্টেলৰ যোগেদি আদায় দি আছিল সেই ব্যৱস্থা অহা ১ অক্টোবৰৰ পৰা বন্ধ কৰি দিয়া হ'ব ৷ গতিকে কৰদাতাসকলে কৰ বিভাগৰ এই নতুন প'ৰ্টেলৰ জৰিয়তেই আদায় দিব লাগিব কৰ ৷  বিভাগীয়ভাৱে মুকলি কৰা নতুন প'ৰ্টেলৰ জৰিয়তে জিএছটি কৰৰ বাহিৰে বাকী সকলো কৰ আদায় দিব পাৰিব৷ https.//www.tax.assam.gov.in এই পৰ্টেলত জিএছটি বহিৰ্ভূত সকলো কৰ আদায় দিব পাৰিব ৷ কৰদাতাসকলে নিজৰ ইউজাৰ আইডি /পাছৱৰ্ড ব্যৱহাৰ কৰি ই- ছাৰ্ভিচৰ ৰিটাৰ্ণ ( অপচন ) জড়িয়তে বিভাগীয় প'ৰ্টেলত কৰ আদায় দিব পাৰিব ৷ যিসকল কৰদাতাৰ নিজা ইউজাৰ আইডি/পাছৱৰ্ড নাই, তেওঁলোকে বিভাগীয় অধিকাৰীৰ সহায় লৈ কৰিব পাৰিব এই কাম ৷ এই ক্ষেত্ৰত কোনো অসুবিধা হ'লে ৰাজ্য চৰকাৰে মুকলি কৰা ০৩৬১-২২৩২৬৯১ আৰু ০৩৬১-২২৩২৬৬৪ এই দুটা হেল্প লাইনত যোগাযোগ কৰিব পাৰিব ৷ বঙাইগাঁৱৰ কোনো ব্যাৱসায়ীয়ে অসুবিধাৰ সন্মুখীন হ'লে বঙাইগাঁও সহকাৰী কৰ আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।


 

Your Comments