ঘগ্ৰাপাৰত নাছিকুৰ ৰহমানৰ প্ৰশংসনীয় কৰ্ম:ছয়খন শিক্ষানুষ্ঠানত ছেনিটাইজেচন

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰত ক'ৰ'না ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে বিভিন্ন চৰকাৰী ব্যৱস্থাৰ লগতে  ব্যক্তিগতভাৱে বাঘমাৰা গাঁৱৰ উদীয়মান ব্যৱসায়ী নাছিকুৰ ৰহমানেও বিভিন্ন ৰাজহুৱা স্থানত নিতৌ ছেনিটাইজেচন কৰি ইতিমধ্যে প্ৰশাসন তথা ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম  হৈছে।ৰাজ‍্যৰ শিক্ষা বিভাগে ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ‍্যৰ শিক্ষানুষ্ঠানসমুহৰ একাংশ শ্ৰেণীত পাঠদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ৰহমানে ব‍্যাক্তিগতভাৱে অঞ্চলটোৰ ছয়খন শিক্ষানুষ্ঠানৰ কোঠা আৰু কাৰ্যালয়সমূহ ছেনিটাইজেচনৰে বিশুদ্ধকৰণ কৰে।তেওঁ বিগত দুদিনত অঞ্চলটোৰ ঘগ্ৰাপাৰ হাইস্কুল,দলুৱা বিষ্ণু জ‍্যোতি উচ্চতম মাধ্যমিক বিদ্যালয়,ঘগ্ৰাপাৰ ছোৱালী হাইস্কুল, এবিচিয়াছ একাডেমি,অৰুণোদয় জাতীয় বিদ্যালয়,চতমাৰ ধৰণীধৰ বিদ‍্যাপীঠ হাইস্কুল ছেনিটাইজেচন কৰে।

Ghagrapar

উল্লেখ‍্য যে ইয়াৰ পূৰ্বে ৰহমানে ঘগ্ৰাপাৰৰ প্ৰেছ ক্লাব,আৰক্ষী থানা,  মহকুমা প্ৰাথমিক চিকিৎসালয়, ৰেল ষ্টেচন, বজাৰ চ’ক,বেংক,ডাকঘৰ,এটিএম,বাতৰি কাকত এজেন্সী,নাৰিকুছি চ'কৰ স্ক্ৰীনিং কোষ আদি ৰাজহুৱা স্থানবোৰ ছেনিটাইজেচন কৰিছিল।শেহতীয়াভাৱে ৰহমানে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানসমুহৰ লগতে মন্দিৰ -মছজিদ আদি ছেনিটাইজেচন কৰা পৰিলক্ষিত হৈছে৷সাংবাদিকক জানিবলৈ দিয়া মতে তেওঁ ফছফৰাচ,ব্লিচিং পাউদাৰ,ফেনাইল আৰু নিমখৰ মিশ্ৰণ তৈয়াৰ কৰি স্প্ৰে মেচিনৰ সহায়ত ছটিয়াই এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰিছে।ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ  সময়ছোৱাত যুৱকজনে নিজৰ ব্যৱসায় বন্ধ ৰাখি যুৱকজনে সম্পূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় নীতি- নিয়ম মানি এই ছেনিটাইজেচন কৰি আহিছে যদিও চৰকাৰীভাৱে আজি পৰ্যন্ত তেওঁৰ এই কৰ্মক স্বীকৃতি প্ৰদান নকৰাত নাছিকুৰ কিছু পৰিমাণে হতাশ হৈছে।কিন্তু,ধাৰ লৈ হ'লেও ক'ৰ'না নি:শেষ নোহোৱা পৰ্যন্ত তেওঁ এই সমাজসেৱা অব্যাহত ৰাখিব বুলি জনাইছে। ইফালে,অঞ্চলটোৰ ৰাইজেও নাছিকুৰ ৰহমানৰ কৰ্মত চৰকাৰক সহযোগ আগবঢ়াবলৈ দাবী জনাইছে।লগতে,ৰহমানৰ এনে প্ৰচেষ্টাৰ সকলোৱে শলাগ লৈছে ৷

.

Your Comments