নগৰবেৰাত নিশা গৃহস্থক সংজ্ঞাহীন কৰি লুটিলে সা-সামগ্ৰী

নগৰবেৰাত নিশা গৃহস্থক সংজ্ঞাহীন কৰি লুটিলে সা-সামগ্ৰী

কামৰূপৰ নগৰবেৰাৰ এখন গাঁৱত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা | এটা পৰিয়ালত দুৰ্বৃত্তই নিশা ঘৰৰ বেৰ কাটি প্ৰৱেশ কৰি সা-সামগ্ৰী লুটি নিয়াৰ উপৰি পৰিয়ালটোৰ মুঠ চাৰিজনকৈ লোকক সংজ্ঞাহীন কৰে |

নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাই-ৰূপহাৰা গাঁৱৰ চোলেমান আলী (৫০) নামৰ কৃষকগৰাকীৰ পৰিয়ালটোত সংঘটিত হয় এই দুষ্কাৰ্য | চোলেমান আলীসহ পত্নী মমিচা খাতুন (৪০) আৰু দুই কন্যা শিশু অচেতন হৈ পুৱা দেৰিলৈকে ঘৰৰ দুৱাৰ নোখোলাৰ ফলত চুবুৰীয়াই সন্দেহবশতঃ আগবাঢ়ি অহাত পোহৰলৈ আহে ঘটনাটো |

https://www.newsasn.com/node/1346

চুবুৰীয়াই চাৰিওজনকে সংকটজনক অৱস্থাত নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় | বাতৰি যুগুতোৱাৰ পৰলৈকে মাৰ্জিনা খাতুন (৮) আৰু জামিলা খাতুন (৪) নামৰ শিশু দুটিৰ লগতে মহিলাগৰাকী কিছু সুস্থ হৈ উঠিছে যদিও চোলেমান আলী সংজ্ঞাহীন হৈয়েই আছে ৷

ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিয়পাইছে ৷ স্মৰ্তব্য যে অঞ্চলটোত দীৰ্ঘদিনৰে পৰা অস্বাভাৱিক হাৰত বাঢ়িবলৈ লোৱা মদ আৰু জুৱাৰ বাবেই এনেবোৰ ঘটনা বৃদ্ধি পাব ধৰা বুলি ৰাইজৰ অভিযোগ তুলিছে |

Your Comments