কেৰম খেলক কেন্দ্ৰ কৰি হোৱা মাপিটত আহত ১

কেৰম খেলক কেন্দ্ৰ কৰি হোৱা মাপিটত আহত ১

কেৰম খেলক কেন্দ্ৰ কৰি নগৰবেৰাৰ টুপামাৰীত যোৱানিশা সংঘটিত হয় এক মাৰপিটৰ ঘটনা | প্ৰচণ্ড মাৰপিটত আহত হয় এজন যুৱক |

দেওবাৰে টুপামাৰী গাঁৱৰ নুৰজামাল হক আৰু মগৰ আলী ফৈদৰ মাজত দিনৰ ভাগত কেৰম খেলক কেন্দ্ৰ কৰি বাক-বিতণ্ডা হয় | পৰৱৰ্তী সময়ত তাৰেই পোতক তুলিবলৈ সন্ধিয়া নুৰজামাল হকক বজাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত বাট আগচি মগৰ আলী, আলম চান্দ আৰু আমিৰ চান্দে মাৰপিট কৰে |

কেৰম খেলক কেন্দ্ৰ কৰি হোৱা মাপিটত আহত ১

তিনিওজনে কৰা প্ৰচণ্ড মাৰপিটত গুৰুতৰভাৱে আহত হোৱা নুৰজামাল হকক ততাতৈয়াকৈ টুপামাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় | ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । 

Your Comments