মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ফেচবুকত হত্যাৰ ভাবুকি দিয়া দুই যুৱকক গ্ৰেপ্তাৰ

হাজোৰ পৰা কমলাকান্ত দাস:

ৰাজ্যৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ফেচবুক যোগে হত্যাৰ ভাবুকি দিয়া দুই যুৱকক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে হাজো আৰক্ষীয়ে।হাজোৰ তাপাবড়ীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰকৃত দুই যুৱক হৈছে ৰামদিয়া আৰক্ষী চকীৰ অন্তৰ্গত টাঙোনমাৰীৰ আকতাৰ আলী আৰু ৰমজান আলী।দুই যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল হাজো মণ্ডল বিজেপি আৰু বজৰং দলে।সম্প্ৰতি দুই যুৱকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে হাজোৰ আকতাৰ আলী নামৰ এজন যুৱকে ছ'চিয়েল মিডিয়া যোগে অসম চৰকাৰৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ ঘটনাই  হাজোৰ লগতে ৰাজ্যৰ  চৌদিশে  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।ইফালে,২০২১ চনত হাজোলৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহিলেও গুলী হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল ছ'চিয়েল মিডিয়াত । এনে ঘটনাৰ পিছতে মন্ত্ৰী হিমন্তক হত্যাৰ ভাবুকি দিয়া যুৱকজনৰ বিৰুদ্ধে যোৱা ১৫ ছেপ্টেম্বৰত হাজোৰ বিজেপি সৰৱ হৈ পৰিছিল লগতে যুৱকজন কোনো মৌলবাদী উগ্ৰপন্থী সংগঠনৰ সদস্য হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল । এনে ঘটনাৰ লগত জড়িত আকতাৰ আলী নামৰ যুৱকজনক অতি শীঘ্ৰে আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত উত্তৰ হাজো আৰু হাজো মণ্ডলৰ বিজেপিৰ সভাপতি স্বাক্ষৰিত  এক লিখিত এজাহাৰ যুৱনেতা ৰাতুল শৰ্মা,তিলক শৰ্মা,ৰমনী মালাকাৰ,শৰৎ নায়ক,বিপুল দাসৰ  উপস্থিতত হাজো আৰক্ষী থানাত দাখিল কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি আৰক্ষী সঞ্চালক প্ৰধান,আৰক্ষী মহাপৰিদৰ্শক আইন শৃংখলা আৰু কামৰুপ জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰন কৰিছিল।

Your Comments