বিগত ২৪ ঘণ্টাত দেশত ১,২৯০ জন ক'ৰ'না আক্ৰান্তৰ মৃত্যু:মঙলবাৰে মহাৰাষ্ট্ৰত মৃত্যু ৫১৫ জনৰ

দেশত বিগত ২৪ ঘণ্টাত ৯০,১২৩ জন লোক ক'ৰ'না আক্ৰান্ত হৈছে।মৃত্যু হৈছে ১,২৯০ জন লোকৰ।ইফালে,ভাৰতৰ সৰ্বাধিক ক'ৰ'না ক্ষতিগ্রস্ত ৰাজ্য মহাৰাষ্ট্ৰত বৰ্তমানলৈ প্রায় ১১ লাখ লোক ক'ৰ'না আক্ৰান্ত হৈছে।মঙলবাৰে মহাৰাষ্ট্ৰত ২০,৪৮২ জন লোক ক'ভিড ১৯ আক্ৰান্ত হৈছে।মঙলবাৰে ৰাজ্যখনত ৫১৫ জন লোকৰ মৃত্যু হয়।ইফালে,মধ্য প্ৰদেশৰ ইন্দোৰত ক'ৰ'না সংক্ৰমণৰ দ্বিতীয়টো ঢৌ অহাত সমস্যা গভীৰ হৈ পৰিছে।

Your Comments