বিজেপিৰ বড়িগোগ বনভাগ মণ্ডলৰ উদ্যোগত ঘগ্ৰাপাৰত সেৱা সপ্তাহৰ কাৰ্যসূচী ৰূপায়ণ

ঘগ্ৰাপাৰ

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ১৪ ছেপ্টেম্বৰৰ আৰম্ভ হোৱা সেৱা সপ্তাহত স্বচ্ছতা অভিযান আৰু এবাৰ ব্যৱহৃত প্লাষ্টিক সামগ্ৰী বৰ্জনৰ সংকল্প হেতু মঙলবাৰে বিজেপিৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ উদ‍্যোগত ঘগ্ৰাপাৰ ৰেল ষ্টেচনৰ সমীপৰ পৰা স্বচ্ছতা অভিযান কাৰ্যসূচী আৰম্ভ কৰা হয়।উক্ত কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টীৰ  বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই মুকলি কৰে।ইয়াৰ পিছতে শতাধিক কাৰ্যকৰ্তাই হাতে হাতে  ঝাৰু লৈ ঘগ্ৰাপাৰ ষ্টেচন ৰোড পথ,ঘগ্ৰাপাৰ হাইৱে চ'কৰ সমীপৰ দোকানসমূহৰ সম্মুখত থকা পেলনীয়া সামগ্ৰী,প্লাষ্টিক আদি চাফাই কৰি পৰিষ্কাৰ কৰি তোলে।অনুষ্ঠানত অংশগ্ৰহণ কৰে বড়িগোগ বনভাগ মণ্ডলৰ  সম্পাদক শ‍্যামন্ত শৰ্মা,মৃগেন শৰ্মা,কোষাধ‍্যক্ষ জয়ন্ত তালুকদাৰ,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী,উপ -সভানেত্ৰী বিনীতা মজুমদাৰ,বিজেপিৰ বুথ সভাপতি পুলেন কলিতা,মানৱেন্দ্ৰ দাস,যতীশ ডেকা আদিয়ে।

Your Comments