লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আগ্ৰাসী চীনক প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণ সাজু ভাৰতীয় সেনা

Army

লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আগ্ৰাসী চীনক প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণ সাজু ভাৰতীয় সেনা।চীনা সৈন্যৰ যিকোনো দু:সাহসৰ উচিত প্ৰত্যুত্তৰ দিবলৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অত্যাধুনিক মেচিনগানকে ধৰি বিবিধ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত ভাৰতীয় সেনা।ইফালে,সীমা বিবাদ মীমাংসা কৰিবলৈ শনিবাৰে চুছুলত দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা ব্ৰিগেডিয়াৰ পৰ্যায়ৰ আলোচনা অনিৰ্ণায়ক হিচাপে সমাপ্ত হয়।ইয়াৰ পিছতে সীমান্তৰ পৰিস্থিতি অধিক যুদ্ধ সদৃশ হৈ পৰিছে,অধিক সষ্টমো হৈ পৰিছে ভাৰতীয় সেনা।

       প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনে টেংক,যুদ্ধ বাহন,মিছাইল আদি মোতায়েন কৰাৰ পিছত ভাৰতেও ভীষ্ম টেংক,স্পাইক এণ্টি টেংক গাইডেড মিছাইল আদি মোতায়েন কৰিছে।চীনৰ যিকোনো আকাশী আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ভাৰতে লাডাখত
ছুখই ৩০,মিগ ২৯,মিৰাজ ২০০০ যুঁজাৰু বিমান তথা চিনুক আৰু আপাছে যুঁজাৰু হেলিকপ্টাৰো সাজু কৰি ৰাখিছে।উল্লেখ্য যে চীনৰ যুদ্ধ বিমানে তিব্বতত যুদ্ধ অভ্যাস চলাই আছে।

Your Comments