স্মাৰক বঁটা প্ৰদান দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ডেকাক

morigaon_assam

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ উদ্যোগত প্ৰয়াত সাংবাদিক খগেন কলিতা স্মাৰক বটা প্ৰদান আৰু স্মৃতি চাৰণ সভা খন আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক খগেন কলিতাৰ কৰ্মৰাজী আলোকপাত কৰি দেশ তথা জাতিৰ স্বাৰ্থত সংবাদ মাধ্যমে বৰ্তমান সময়ত ল'বলগীয়া দায়বদ্ধতা ওপৰত ভাষণ প্ৰদান কৰে। 

morigaon

সভাত জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক নবকান্ত বৰদলৈ, জিলা সাহিত্য সভাৰ সভাপতি বুবুমনি গোস্বামী, জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি জগদীশ নাথে প্ৰয়াত সাংবাদিক খগেন কলিতাক স্মৰণ কৰি ভাষণ প্ৰদান কৰে। উক্ত সভাতেই প্ৰয়াত খগেন কলিতা স্মাৰক বটা প্ৰদান কৰা হয় মৰিগাঁও জিলাৰ জেষ্ঠ্য সাংবাদিক তথা বৰ্তমানৰ দৈনিক জনমভূমি কাকতৰ জেষ্ঠ্য সাংবাদিক দিগন্ত কুমাৰ ডেকাক। বটাৰ লগত নগদ দহ হাজাৰ এশ এঘাৰ টকা, এখন প্ৰশস্তি-পত্ৰ, গামোচা, চেলেং, শৰাই, জাপি আৰু এটা কলম প্ৰদান কৰা হয়।

তদুপৰি ২০১৮-১৯ বৰ্ষৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সাংবাদিক পেঞ্চনাৰ, জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি উপেন চন্দ্ৰ ডেকাকো বিশেষভাবে সম্বৰ্দ্ধনা জনোৱা হয় ।  জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথে আত ধৰা সভাখনৰ পূৰ্বে প্ৰয়াত সাংবাদিক খগেন কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সংস্থাৰ উপ-সভাপতি বিৰিঞ্চি কুমাৰ ডেকাই আৰু মাল্য অৰ্পণ কৰে সাংবাদিক কলিতাৰ সহধৰ্মিণী মৃনালিনি কলিতাই।

Your Comments