ৰঙিয়াত জন্মাষ্টমী পালন

rangia_janmathami

সমগ্ৰ অসমৰ লগতে আজি ৰঙিয়াতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । 
ৰঙিয়াৰ মূৰাৰা প্ৰগতি সংঘত বিশ্ব হিন্দু পৰিষদৰ ৰঙিয়া আৰু বাক্সা জিলাৰ সৌজন্যত জন্মাষ্টমী উদযাপন কৰাৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগনতো দিনযোৰা কাৰ্য্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হয় । 

janmathami_rangia

বিশ্ব হিন্দু পৰিষদে উদযাপন কৰা জন্মাষ্টমী মহোৎসৱৰ পুৱা পতাকা উত্তোলন কৰে বিশ্ব হিন্দু পৰিষদৰ ৰঙিয়া আৰু বাক্সা জিলাৰ সভাপতি বীৰেন্দ্ৰ চৌধাৰীয়ে । পতাকা উত্তোলনৰ পিছত গোমাতা পূজন কৰা হয় । 


সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে জলসিঞ্চন, (স্বতন্ত্ৰ) ৰাজহ আৰু দুৰ্যোগ বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই । কলিতাই সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰি কয় যে ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিণী নক্ষত্ৰত দৈৱকীৰ উদৰত কংসৰ কাৰাগাৰত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ । সনাতন ধৰ্ম আৰু ইতিহাসৰ প্ৰাণপুৰুষ ভগবান শ্ৰীকৃষ্ণ । সেয়ে প্ৰতিবছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত  শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰি অহা হৈছে বুলি কয় । সাংস্কৃতিক শোভাযাত্ৰাত বিহুকে ধৰি জনগোষ্ঠীয় দলবোৰৰ অংশ গ্ৰহনে আপ্লুত কৰে ৰাইজক ।

janmathami_

ধৰ্মাৱলম্বী আলোচনী সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি প্ৰান্তঃসভাপতি সংস্কৃত ভাৰতীৰ কুমুদ বৰঠাকুৰে কৃষ্ণৰ শৈশৱ আৰু দৰ্শনৰ ওপৰত ব্যখ্যা আগবঢ়ায় । ধৰ্মালোচনী সভাত উপস্থিত থাকে এমট্ৰনৰ সহকাৰী প্ৰবন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ, পৌৰপতি সীমা বৈশ্য সহ ভালেসংখ্যক ব্যক্তি । 
ৰঙিয়াৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগনতো শ্ৰী কৃষ্ণৰ জন্মাস্তমী পালন কৰা হয়। বৃহত্তৰ ৰঙিয়া চহৰৰ বেচৰকাৰী বাছষ্টেণ্ডৰ সমীপত  থকা মন্দিৰ প্ৰাংগনত জন্মাস্তমীৰ লগতে মহা বিষ্ণু যজ্ঞ ও অনুষ্ঠিত হব । এই উপলক্ষে  ৰাতিপুৱা ১১ বজাত চিত্ৰাংকন প্ৰতিযোগীতা আৰু আবেলি ৪ বজাত কৃষ্ণৰ প্ৰতিযোগীতা অনুষ্ঠিত হ'ব। আনহাতে নিশা ৭ বজাত দৰংৰ মহেশ ডেকাৰ নাগাৰা নাম উদ্ধোধন কৰিব স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ।

Your Comments