বগীবিল দলং পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

cm_assam

বহু প্ৰত্যাশিত নিৰ্মীয়মান বগীবিল দলংখন আজি পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২০০২ চনৰ ২১ এপ্ৰিলত সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে শুভাৰম্ভ কৰা ৪.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে ।  

দলং পৰিদৰ্শন কৰি সোণোৱালে চলিত বৰ্ষতে দলং সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰি দলং উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱাৰ কথা সদৰি কৰে । আনহাতে মুখ্যমন্ত্ৰী সোণোৱালে দলং সম্পূৰ্ণ হ'লে দুয়োখন পাৰৰ মানুহৰ মাজত সমন্বয় গঢ়িব বুলি প্ৰকাশ কৰি বৰ্তমান দলংখনৰ নিৰ্মাণ কাৰ্য যথেষ্ট লাভ কৰা বুলিও মন্তব্য কৰে । 

Your Comments