পশ্চিম বংশৰ 'আছু'ৰ ব্যতিক্ৰমী পদক্ষেপ:বামুন্দীত ঘৰে ঘৰে গৈ কৃতীমানক অভিনন্দন

Aasu

মৃণাল ডেকা,শুৱালকুছি:  

ক'ৰ'না মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত চলি থকা 'লকডাউন'ৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে ৰাজহুৱাভাৱে নহয়,ঘৰে ঘৰে গৈ কৃতী ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে 'আছু'ৱে। সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই শনিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কৃতী ছাত্ৰ-ছাত্ৰীসকলক ঘৰে ঘৰে গৈ অভিনন্দন জনায়।

Aasu

এই কাৰ্যসূচীৰ শুভাৰম্ভ  কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহকৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয় যে বৰ্তমান দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু স্বাস্থ্যসম্মত বিধি আৰু নীতি-নিয়মৰ মাজেৰে কৃতীমান ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁঁ ছাত্ৰ-ছাত্ৰীসকলক সামাজিক দায়িত্ববোধৰ লগতে নিষ্ঠা আৰু সততাৰে শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।এই অনুষ্ঠানত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই শিক্ষাৰ্থীসকলক নিজকে সুনাগৰিক হিচাপে গঢ়ি তুলি পৰিয়াল তথা সমাজখনলৈ শুভ বাৰ্তা দিবলৈ আহ্বান জনায়।অনুষ্ঠানত  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ১৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ৫ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়৷অনুষ্ঠানটো আৰম্ভ হোৱাৰ পূৰ্বে বামুন্দী বজাৰ চ’কত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা কাৰ্য্যালয় উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ  সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে।অনুষ্ঠানত উপস্থিত থাকে সদৌ কামৰূপ জিলাৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পংকজ কলিতা , আছু নেতা সুৰজিৎ কলিতা,দিপাংকৰ শৰ্মা,অনুপ দাস,মানৱ ঠাকুৰীয়া,ধনজিৎ নাথ আদি ছাত্ৰনেতাসকল।



 

Your Comments