মুকলি আকাশৰ তললৈ অহাৰ পথ বন্ধ,জামিন আবেদন নাকচ কৃষক নেতা অখিল গগৈৰ

Akhil Gogoi

*উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব গগৈৰ পক্ষৰ অধিবক্তা*

*মুকলি আকাশৰ তললৈ অহাৰ পথ দীঘলীয়া হ'ব-অধিবক্তা*

গুৱাহাটীৰ চানমাৰিৰ 'নিয়া'ৰ বিশেষ আদালতে কৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন আবেদন নাকচ কৰিলে।চানমাৰি থানাৰ ১৩/১৯ নম্বৰৰ 'নিয়া'ৰ গোচৰৰ জামিনৰ আবেদন শুকুৰবাৰে নাকচ কৰে আদালতে।উল্লেখ যে বিগত ৮ মাহ ধৰি উক্ত গোচৰত কাৰাৰুদ্ধ হৈ আছে কৃষক নেতাগৰাকী।

'নিয়া'ৰ আদালতৰ শুনানিৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গগৈৰ পক্ষৰ অধিবক্তাই পুনৰ জামিনৰ আবেদন জনাব বুলিও জানিবলৈ দিয়ে।

গুৰুত্বপূৰ্ণ যে চানমাৰি থানাৰ উক্ত গোচৰত গগৈয়ে পূৰ্বে জামিন লাভ কৰিছিল।কিন্তু উক্ত জামিন স্থগিত ৰখাৰ বাবে 'নিয়া'ৰ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ      দ্বাৰস্থ হৈছিল।ফলত উচ্চ ন্যায়ালয়ে জামিন স্থগিত ৰাখিছিল।পৰৱৰ্তী সময়ত ক'ৰ'না ভাইৰাছৰ বাবে উক্ত স্থগিতাদেশৰ শুনানি গ্ৰহণ কৰিব পৰা নাই ন্যায়ালয়ে।তিনিজনীয়া বিচাৰপীঠত চলিব গগৈৰ উক্ত বিচাৰ।যদি উক্ত বিচাৰত গগৈৰ পক্ষত ন্যায়ালয়ে ৰায় প্ৰদান কৰে,তেন্তে পূৰ্বৰ জামিনতে কৃষক নেতাগৰাকীয়ে মুকলি হোৱাৰ সম্ভাৱনা আছে।অধিবক্তা কৃষ্ণ গগৈয়ে এই কথা জানিবলৈ দিয়ে।

আনহাতে,চাবুৱা থানাৰ 'নিয়া'লৈ হস্তান্তৰ কৰা গোচৰৰো শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি চলি আছে।চাবুুৱা থানাৰ 'নিয়া'লৈ হস্তান্তৰ কৰা গোচৰটোত অখিলৰ সৈতে অন্য তিনিজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল।তেওঁলোক হৈছে ভূপেন গগৈ,ভাস্কৰজ্যোতি ফুকন আৰু জগজিৎ গোহাঁই।চাবুৱা থানাৰ অ'চিৰ দাঁত ভঙাৰ অভিযোগত উক্ত গোচৰ।

তাৎপৰ্যপূৰ্ণ যে গগৈৰ বিৰুদ্ধে সমগ্ৰ অসমত মুঠ ১৩টা গোচৰ আছিল তাৰে ১১টা গোচৰত ইতিমধ্যে লাভ কৰিছে জামিন।

Your Comments