শুকুৰবাৰে মুক্তিৰ পথ প্ৰশস্ত হ'ব অখিল গগৈৰ!

অখিল গগৈ

*শুনানি গগৈৰ পক্ষত থাকিলে প্ৰশস্ত হ'ব অখিল গগৈৰ মুকলি আকাশলৈ ওলোৱা পথ*

বিগত ৮ মাহ কাৰবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি চলি থকা আন্দোলনৰ মাজতে শুকুৰবাৰে গগৈৰ মুক্তিৰ সম্ভাৱনা প্ৰকট হৈছে।নেতাগৰাকীৰ বিৰুদ্ধে চানমাৰি থানাত ৰুজু হোৱা 'নিয়া'লৈ হস্তান্তৰ কৰা ১৩/২০১৯ গোচৰৰ জামিনৰ শুনানি শুকুৰবাৰে আদালতে গ্ৰহণ কৰিব।উল্লেখ যে উক্ত  গোচৰত গগৈৰ সৈতে গ্ৰেপ্তাৰ হোৱা অন্য তিনি সতীৰ্থ ক্ৰমে ধৈৰ্য কোঁৱৰ,মানস কোঁৱৰ আৰু বিতু সোণোৱালে জামিন লাভ কৰি  ইতিমধ্যে মুকলি আকাশৰ তললৈ ওলাই আহিছে।

ইয়াৰ উপৰিও কৃষক নেতা গগৈৰ বিৰুদ্ধে চাবুৱা থানাৰ 'নিয়া'লৈ হস্তান্তৰ কৰা দ্বিতীয়টো গোচৰ চানমাৰি থানাৰ নিয়াৰ গোচৰৰ সৈতে সংলগ্ন কৰিব লাগে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰো শুকুৰবাৰে আছে শুনানি।এই কথা প্ৰকাশ কৰিছে গগৈৰ পক্ষৰ অধিবক্তাই।

গুৰুত্বপূৰ্ণ যে শুকুৰবাৰে আদালতে গ্ৰহণ  কৰিব লগা দুয়োটা শুনানি যদি কৃষক নেতা গগৈৰ পক্ষত থাকে,তেন্তে মুকলি আকাশৰ তললৈ ওলাব অখিল।কিয়নো গগৈৰ বিৰুদ্ধে থকা অন্য গোচৰসমূহত ইতিমধ্যে জামিন লাভ কৰিছে।

'কা'ৰ বিৰূদ্ধে আন্দোলন কৰাৰ বাবে যোৱা বৰ্ষৰ ১২ ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ আছে কৃষক নেতাগৰাকী।

Your Comments