ৰেপো ৰেটৰ ক্ষেত্ৰত নহয় কোনো সালসলনি;দেশৰ অৰ্থনীতিত ঋণাত্মক প্ৰভাৱ পৰাৰ আশংকা-ক'লে গৱৰ্নৰ দাসে

Shaktikanta Das

বৃহস্পতিবাৰে ৰিজাৰ্ভ বেংকৰ 'মনিটেৰী পলিচি কমিটী'ৰ বৈঠকৰ অন্ত পৰে। এই বৈঠকখনৰ অন্ত পৰাৰ পিছতেই এখন সংবাদ মেলক সম্বোধন কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে।সংবাদমেলখন সম্বোধন কৰি গৱৰ্নৰ দাসে চলিত বিত্তীয় বৰ্ষৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে।গৱৰ্নৰগৰাকীয়ে জানিবলৈ দিয়া মতে চলিত বিত্তবৰ্ষত ৰেপো ৰেট(ৰিজাৰ্ভ বেংকে অন্য বেংকসমূহক প্ৰদান কৰা ঋণ) আৰু ৰিজাৰ্ভ ৰেপো ৰেট(দেশৰ অন্যান্য বেংকসমূহে লাভাংশৰ পৰা ৰিজাৰ্ভ বেংকত জমা ৰখা ধন)ৰ ক্ষেত্ৰত  কোনো সালসলনি নহয়।ৰেপো ৰেটৰ  ৪%আৰু ৰিজাৰ্ভ ৰেপো ৰেট ৩.৩%য়ে বাহাল ৰখা হয়।তদুপৰি,ৰিজাৰ্ভ বেংকৰ কাম-কাজৰ ক্ষেত্ৰতো গৱৰ্নৰ গৰাকীয়ে মন্তব্য কৰে।তেওঁ জানিবলৈ দিয়া মতে দেশৰ জৰুৰীকালীন পৰিস্থিতিৰ মাজতো বেংকৰ কাম-কাজ অব্যাহত ৰখা হৈছে।ইয়াৰ বাবে তেওঁলোকে কোৱাৰেণ্টাইন ফেচিলিটী চেটআপৰ  ব্যৱস্থা কৰিছে।আনহাতে জিডিপিৰ ক্ষেত্ৰত গৱৰ্নৰগৰাকীয়ে কয় যে দেশৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে চলিত বিত্তীয় বৰ্ষত ঋণাত্মক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

Your Comments