ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতাৰণাবিৰোধী দিৱস পালন

Congress protest

*বিজেপি চৰকাৰৰ বান নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ভুৱা আছিল*

*ব্ৰহ্মপুত্ৰৰ পাৰত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ ঘোষণাৰ কি হ'ল?*

গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস পালন।বিজেপি চৰকাৰৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এই প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ।বিজেপি চৰকাৰৰ বান নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিৰ প্ৰতিলিপি দাহ কৰি নৰেন্দ্ৰ মোডী গ' বেক,বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতাৰণা বিৰোধী দিৱস কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে বিজেপিৰ হাজাৰ হাজাৰ ব্যৰ্থ প্ৰতিশ্ৰুতিৰ মাজৰ পৰা কেৱল বানপানী  সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰূপায়ণ কৰা হৈছে প্ৰতাৰণা বিৰোধী দিৱস।

Congress Protest

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনৰ পহিলা আগষ্টত গুৱাহাটীত অসম চৰকাৰৰ কেবিনেটৰ লগত আলোচনামৰ্মে কৰা বান নিয়ন্ত্ৰণৰ ঘোষণাৰ প্ৰতিশ্ৰুতি ক'ত গ'ল?উত্তৰ- পূৰ্বাঞ্চলৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বাবে ২৩৫০ কোটি টকা।অসমৰ বাবে ২৫০কোটি, ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ ৪০০ কোটি,ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অধ্যয়নৰ ১০০কোটি টকাৰ কি হ'ল- বৰাই প্ৰশ্ন কৰে।

মুখ্যমন্ত্ৰী  সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দিয়া ১ লাখ কোটি টকাৰ ব্ৰহ্মপুত্ৰ পাৰৰ এক্সপ্ৰেছ হাইৱেৰ ঘোষণাৰ কি হ'ল বুলি উল্লেখ কৰি বৰাই প্ৰশ্ন কৰে-বিজেপিৰ ভিজন ডকুমেণ্টৰ বান নিয়ন্ত্ৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি কিয় কাৰ্যকৰী নহ'ল?

ব্ৰহ্মপুত্ৰ খননৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ ড্ৰেজাৰ কেতিয়া আহিব বুলি উল্লেখ কৰি বৰাই লগতে প্ৰশ্ন কৰে-নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱৰ সপোনবোৰ কেতিয়া পূৰণ হ'ব?

উল্লেখ যে সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে সোমবাৰে  ৰূপায়ণ কৰিছে বিজেপিৰ প্ৰতাৰণা বিৰোধী দিৱস।ৰাজীৱ ভৱনৰ কাৰ্যসূচীত উপস্থিত থাকে শৰৎ বৰকটকী,নকংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মা, ৱাজেদ আলি চৌধুৰী প্ৰমুখ্যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্ব।

Your Comments