কৃষক মুক্তিৰ মুখ্য কাৰ্যালয়ত ৭০টা সংগঠনৰ ৰুদ্ধদ্বাৰ বৈঠক:শীঘ্ৰে জন্ম লাভ কৰিব বিকল্প ৰাজনৈতিক দল!

Protest

*'কা'ৰ বিৰুদ্ধে আৰু অখিল গগৈৰ মুক্তিৰ দাবীত পুনৰ তীব্রতৰ হ'ব আন্দোলন*


কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত ৭০ টা সংগঠনৰ ৰুদ্ধদ্বাৰ বৈঠক।দীৰ্ঘদিনৰ বিৰতিৰ পিছত একেখন মঞ্চত বৈঠকত মিলিত হ'ল ৭০টা সংগঠনৰ নেতৃত্বৰ।উল্লেখ যে 'কা' বিৰুদ্ধে আন্দোলন পুনৰ তীব্ৰতৰ কৰাৰ সংকল্পৰে অনুষ্ঠিত হোৱা বৈঠকত আলোচনা কৰা হয় বিকল্প ৰাজনৈতিক দল গঠনৰ বিষয়েও।

গুৰুত্বপূৰ্ণ যে বিগত ৮মাহ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৭০টা সংগঠনে ৰাজ্যজুৰি পুনৰ তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে বৈঠকত।

"অখিল গগৈ অকলশৰীয়া নহয়।গগৈৰ লগত অসমৰ ৰাইজে আছে।গগৈৰ নেতৃত্বত অসমত বিকল্প ৰাজনৈতিক দল গঠন কৰিব লাগে"-এইদৰে কয় অনুসূচিত যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

প্ৰায় সকলোবোৰ সংগঠনৰ নেতৃত্বৰ উমৈহতীয়া দাবী বিকল্প ৰাজনৈতিক দল অখিলৰ নেতৃত্বত হ'ব লাগে।

তাৎপৰ্যপূৰ্ণ যে বৈঠকত গ্ৰহণ কৰা হয় চাৰিটা সিদ্ধান্ত।'পৰিৱেশ প্ৰভাৱ অধ্যয়ন-২০২০' অধিসূচনাৰ বিৰোধিতা,বানপানীত ক্ষতিগ্ৰস্তক সহায়ৰ বাবে চৰকাৰক দাবী অন্যতম।

উল্লেখ যে সদৌ অসম ছাত্ৰ সন্থাই ৩০ টা সংগঠনৰ সৈতে একেখন মঞ্চত থাকি ৰাজনৈতিক দল গঠন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।তাৰ মাজতে দেওবাৰে ৭০ টা সংগঠনে পুনৰ বিকল্প ৰাজনৈতিক দল গঠন কৰিব বুলি কৰা ঘোষণাই ৰাজ্যবাসীৰ মনত সৃষ্টি কৰিছে ব্যাপক উৎকন্ঠাৰ।

Your Comments