শিৱসাগৰত 'স্বাগতম' এনজিঅ'ৰ উদ্যোগত শতাধিক পৰিয়ালৰ মাজত খাদ্যসামগ্ৰী বিতৰণ

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

মহামাৰী ক'ৰ'নাৰ সন্ত্ৰাসৰ সমান্তৰালকৈ  ৰাজ্যত বানপানীয়ে সমস্যাৰ সৃষ্টি কৰিছে।বছৰটোৰ দ্বিতীয়টো বানে শিৱসাগৰৰ বিভিন্ন অঞ্চল প্লাৱিত কৰিছে।যাৰ বাবে এতিয়া বানাক্ৰান্ত ৰাইজে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

এনে পৰিস্থিতিত 'বন্ধুত্ব দিৱস'ৰ দিনাই শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহে শিৱসাগৰৰ অন্যতম বেচৰকাৰী সংস্থা 'স্বাগতম'।দেওবাৰে স্বাগতমৰ উপদেষ্টা ডাঃ অংশুমিতা গগৈৰ নেতৃত্বত এটা দলে বানবিধ্বস্ত শিৱসাগৰৰ দিখৌমুখৰ গটঙা তিনিআলি আৰু আজানপীৰ তিনিআলিত শতাধিক পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে চাবোন, ব্লিচিং পাওদাৰ,বিস্কুট,ঔষধ বিতৰণ কৰে। 

উক্ত কাৰ্যসূচীত স্বাগতমৰ সভানেত্ৰী বিউটী দত্ত,সাধাৰণ সম্পাদক দীনেশ দত্ত,শান্তিপুৰ গাঁও পঞ্চায়তৰ সভাপতি ঋতুৰাজ বৰুৱাৰ লগতে স্থানীয় ৰাইজে সহযোগ কৰে।

 

Your Comments