ক'ৰ'না আক্ৰান্ত হৈ উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ মৃত্যু

Kamal Rani Varun

ক'ৰ'না আক্ৰান্ত হৈ মৃত্যু হ'ল উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু প্ৰাক্তন লোকসভা সাংসদ কমল ৰাণী বৰুণৰ।যোৱা ১৮ জুলাইত ক'ৰ'না সংক্ৰমিত হোৱাৰ পিছত বৰুণক লখনৌৰ এছজিপিআই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।উক্ত হাস্পতালতে দেওবাৰে পুৱা প্রায় ৯-৩০ বজাত মন্ত্ৰীগৰাকীৰ দেহাৱসান ঘটে।কমল ৰাণী বৰণ যোগী চৰকাৰৰ প্ৰাবিধিক শিক্ষামন্ত্ৰী আছিল।মন্ত্ৰীগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰিছে।

Your Comments