ৰাজ্যত ১৪আগষ্টলৈ 'আনলক'ৰ নতুন নিৰ্দেশনা,জানি লওক

Lockdown

*সোমবাৰ আৰু মঙলবাৰে আন্ত:জিলা যাতায়ত ব্যৱস্থা মুকলি*

ৰাজ্যৰ 'আনলক' সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে নতুন নিৰ্দেশনা।দেওবাৰৰে পৰা অহা ১৪ আগষ্টলৈ জিলাখনত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা প্ৰকাশ পোৱা নিৰ্দেশনাসমূহ হৈছে--

বৰ্তমান চলি থকা সকলো সেৱা সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭বজাৰ পৰা আবেলি ৫ বজালৈ পূৰ্বৰ দৰে বাহাল থাকিব।

Rules

শ্বপিং মল-জিম মুকলি হ'ব সোমবাৰৰ পৰা শুকুৰবাৰলৈ।কামৰূপ মহানগৰ জিলাত বৰ্তমান চলি থকাৰ দৰে পথৰ এটা কাষৰ সমূহ মুকলি হ'ব।বিপৰীতে অন্য জিলাত দুয়োকাষৰ মুকলি হ'ব।

ৰেস্তোৰাঁ আৰু সেৱা কেন্দ্ৰসমূহ প্ৰতিদিনে খুলিব পাৰিব।ক'ভিড নিয়ম আৰু সামাজিক দূৰত্বৰ পালন কৰিব লাগিব।

হোটেলসমূহ মুকলি কৰিব পাৰিব ক'ভিডৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলি।

সপ্তাহত সোমবাৰ আৰু মঙলবাৰে আন্ত:জিলা যাতায়ত ব্যবস্থা মুকলি হ'ব।অন্য বাৰত যাতায়তৰ অনুমতিপত্ৰ বিভাগীয়ভাৱে প্ৰদান কৰা নহয়।


চৰকাৰী কার্যালয়,বেংক,বীমা কোম্পানীত ১০০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।অৱশ্যে কৰ্মচাৰীৰ অনা-নিয়া কৰাৰ বাবে বাছৰ ব্যৱস্থা কৰিব লাগিল।


সান্নিধ্যত নহা খেলসমূহ মুকলি কৰিব পাৰিব সামাজিক দূৰত্ব মানি চলি।

ইফালে,এই সময়ত চিনেমা হল,ছুইমিঙ পুল,মনোৰঞ্জন পার্ক,থিয়েটাৰ,বাৰ, সভাগৃহ,প্ৰেক্ষাগৃহ,জনসমাগমৰ স্থানসমূহ বন্ধ থাকিব।

সামাজিক,ৰাজনৈতিক,খেল,মনোৰঞ্জন, বিদ্যায়তনিক,ধৰ্মীয় কাৰ্যসূচী বন্ধ থাকিব।

সান্ধ্য আইন বাহাল থাকিব সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ।

৬৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি আৰু ১০ বছৰৰ তলৰ শিশুৰ ঘৰৰ পৰা ওলোৱাত বাধা।মাক্স পৰিধান কৰাটো বাধ্যতামূলক।অন্যথা জৰিমনা ভৰিব লাগিব ১০০০টকা।

Your Comments